![]()
নিউজ ডেস্কঃ
উপস্থিত বুদ্ধি আৰু অসাধাৰণ দক্ষতাৰে হাৰলিন দেউলে ধৰা কেচত মুগ্ধ নেটিজেনসকল। কেচ ধৰাৰ উক্ত ভিডিও এতিয়া ছচিয়েল মিডিয়াত ভাইৰেল। উক্ত কেচ চাই অবাক স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীও।
ভাৰতীয় মহিলা ক্ৰিকেট দল বৰ্তমান ইংলেণ্ডত টি-২০ শৃংখলাত ব্যস্ত। উক্ত শৃংখলাৰ প্রথম মেচত ইংলেণ্ডৰ উইকেটৰক্ষক এমি জোন্সৰ কেচ ধৰে হাৰলিনে। বাউণ্ডেৰীত উক্ত কেচ ধৰি বুজি পাইছিল লাইনৰ বাহিৰলৈ গুচি যাব। লগা লগে বলটো ওপৰলৈ দলিয়াই দি নিজৰ নিয়ন্ত্ৰণ ৰক্ষা কৰি পুনৰ ভিতৰলৈ ড্ৰাইভ মাৰে ধৰে সেই কেচ। উক্ত কেচ চাই প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীয়ে লিখিছে, ‘বিস্ময়কৰ! সুন্দৰ কেচ হাৰলিন।’
ভাৰত চৰকাৰৰ ইনষ্টাগ্রাম পেজত পোষ্ট কৰা হয় কেচটোৰ ভিডিও। তাত লিখা হয়, ‘এইটো নোচোৱাকৈ থাকিব নোৱাৰি। সুন্দৰ কেচ ধৰিলে ভাৰতৰ হাৰলিনে। মহিলাৰ ক্রিকেট ইতিহাসত এনে কেচ দেখা নাযায়। অভিনন্দন।’
আ্হাতে, হাৰলিনৰ উক্ত কেচ চাই মুগ্ধ সুৰেশ ৰাইনা। ফিল্ডাৰ হিচাবে ভাৰতীয় দলৰ তেৱোঁ এগৰাকী অপ্ৰতিদ্বন্দ্বী। ৰায়নাই টুইট কৰি লিখে, ‘সাংঘাতিক! দুর্দান্ত কেচ হাৰলিনৰ। আৰু বহু দূৰ যাব লাগিব। দেশ তোমাক লৈ গর্বিত। নিজে আৰু উজ্জ্বল হৈ উঠি বাকীসকলক অনুপ্রেৰণা দিয়ক।’
ৰায়নাৰ উক্ত টুইটৰ মন্তব্য কৰিছে স্বয়ং হাৰলিনে। তেওঁ লিখে, ‘ধন্যবাদ ৰায়না ছাৰ। এনে ফিল্ডিং কৰাৰ বাবে সৰুকালিৰ পৰাই আপোনাৰ খেল চায়েই অনুপ্রেৰণা লাভ কৰিছোঁ।’
অৱশ্যে হাৰলিনৰ সেই দুৰ্দান্ত কেচৰ পিছতো ভাৰতে খেলখনত পৰাজয়বৰণ কৰিবলগা হয়। বৰ্ষাবিঘ্নিত উক্ত মেচত ভাৰত পৰাজিত হ’লেও ইণ্টাৰনেট জগতত হাৰলিনৰ প্রশংসাত মুখৰ নেটিজেনসকল।













