![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফুঃ সমগ্ৰ ৰাজ্যৰ লগতে এইবাৰ কাৰবি আংলং জিলাৰ সদৰ চহৰ ডিফুত আজি আৰক্ষীয়ে নিচাযুক্ত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে আন এক গুৰুত্বপূৰ্ণ সফলতা ৷
প্ৰাপ্তখবৰ অনুসৰি আজি বিয়লিৰ ভাগত এক গোপন সূত্ৰৰ পমখেদি শান্তিপাৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত ডিফুৰ হৃদয় স্থলী শান্তিপাৰা ৰেলৱে ট্ৰেকৰ ওচৰৰ পৰা এক বৃহৎ পৰিমানৰ নিচাযুক্ত এছ পি কেপচুল সহ তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
ডিফু নগৰ আৰক্ষী চকাৰ ভাৰপ্ৰাপ্ত বিষয়া অচ্যুত নাথ, সহকাৰী উপ পৰিদৰ্শক আবুল ফাৰুক, দীপামনি হাজৰিকাৰ নেতৃত্বত সংগীয় ষ্টাফ সহ আৰু শান্তিপাৰা গাঁওৰক্ষী বাহিনীৰ সহযোগত ড্ৰাগছ সৰবৰাহকাৰীৰ কৱলৰ পৰা ৫২৫ টাকৈ সন্দেহযুক্ত এছপি কেপচুল জব্দ কৰিবলৈ সক্ষম হৈছে ৷
আটকাধীন যুৱক তিনিজন ক্ৰমে, আকিবুৰ ৰহমান(১৮),মন্নাফ আলী(২২) আৰু জাকিৰ হুছেইন ওৰফে হেণ্ডচাম বুলি চিনাক্ত কৰা হৈছে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে ধৃত যুৱক কেইজনক জেৰা অব্যাহত ৰাখিছে ৷













