ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : ডিফু মেডিকেল কলেজ হাস্পতাল (DMCH)ৰ পৰা ক’ভিডত আক্ৰান্ত আচামীৰ পলায়ন কৰা ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে ৷
DMCHৰ ক’ভিড ৱাৰ্ডৰ পৰা পলায়ন কৰে সন্তোষ সিং নামৰ আচামীজন ৷
যোৱা ১২ জুনত আৰক্ষীয়ে ডিফুৰ মাটিপুঙৰ পৰা নিচাযুক্ত টেবলেট সহ গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল সন্ত্োষ সিঙক ৷ ক’ভিডত আক্ৰান্ত হোৱাৰ বাবে কালি দুপৰীয়া ভৰ্তি কৰোৱা হৈছিল DMCHত ৷
সন্ধিয়ালৈ ক’ভিড ৱাৰ্ডৰ পৰাই পলায়ন কৰে আচামী সন্তোষ সিঙে ৷ DMCHৰ এনেদৰে ক’ভিডত আক্ৰান্ত আচামীৰ পলায়নে সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷বৰ্তমান আচামী গৰাকীৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷













