পশ্চিম কাৰ্বিআংলং :
পশ্চিম কাৰ্বিআংলং জিলাৰ বৈঠালাংছ’ত যোৱানিশা উদ্ধাৰ হয় এডাল প্ৰকাণ্ড অজগৰ।অজগৰটোৰ দৈঘ্য প্ৰায় ৯ ফুট।বৈঠালাংছ’ আৰক্ষী চকীৰ সন্মুখত বৈঠালাংছ’-ডংকামোকাম পথত প্ৰথমে অজগৰটো প্ৰতক্ষ্য কৰে কৰ্তব্যৰত এজন আৰক্ষী জোৱানে।
তাৰপাচত কেইজনমান জোৱানে মিলি অজগৰ ডালক এটা বস্তাত ভৰাই প্ৰথমতে থানালৈ লৈ আহি বন বিভাগক চমজাই দিয়াৰ বাবে বনবিভাগক খবৰ দিয়ে | কিন্তু অতি পৰিতাপৰ কথা এয়ে যে থানাৰ পৰা মাত্ৰ ৫০০ মিটাৰ নিলগত অৱস্থিত বৈঠালাংছ’ খণ্ড বন কাৰ্য্যালয় থকাৰ পিছতো প্ৰায় ২ ঘন্টা পলমকৈ উপস্থিত হয় থানাত।পাচত অজগৰডাল বন বিভাগৰ কৰ্মীয়ে বনত এৰি দিয়াৰ ব্যবস্থা কৰে।













