নিউজ ডেক্স:
এসময়ত ভাৰতৰ শ্ৰেষ্ঠ চহৰ বুলি ক’লেই মনলৈ আহিছিল চাৰিটা নাম- দিল্লী, মুম্বাই, কলকাতা আৰু চেন্নাই। পিছ সেইবোৰ দিন এতিয়া অতীত। চলিত বছৰৰ শ্ৰেষ্ঠ বাসোপযোগী চহৰ হিচাবে দেশৰ ভিতৰত এক নম্বৰ স্থান দখল কৰিছে বেঙ্গালুৰুই। ৰাজধানী দিল্লী পালে ১৩ নম্বৰ স্থান।
কেন্দ্রীয় মন্ত্রী হৰদীপ সিং পুৰীয়ে এখন তালিকা প্রকাশ কৰিছে। জীৱন যাত্রাৰ স্বাচ্ছন্দ্যৰ হিচাবত কোনখন চহৰ কিমান আগত তালিকাত সেয়াই প্ৰকাশ কৰা হৈছে। ১০ লাখৰো অধিক লোকে বাস কৰা চহৰৰ কেটেগৰিত প্রথম হৈছে বেঙ্গালুৰু। দ্বিতীয়ৰ পৰা পঞ্চমলৈ ক্ৰমে পুনে, আহমেদাবাদ, চেন্নাই আৰু চুৰাট।
হাউজিং এণ্ড আর্বান এফেয়াৰ্ছ মন্ত্রালয়ে ‘ইজ অফ লিভিং ইনডেক্স’ৰ ওপৰত নির্ভৰ কৰি জীৱন যাত্রাৰ মান, নগৰোন্নয়নৰ বাবে গৃহীত উদ্যোগৰ মান বিচাৰ কৰি এই ৰেংকিং প্ৰকাশ কৰিছে। গুৰুত্ব দিয়া হয় নগৰবাসীৰ আর্থিক অৱস্থাতো।
বৃহৎ চহৰৰ ক্ষেত্রত বেঙ্গালুৰু এক নম্বৰ, সৰু চহৰৰ তালিকাত শীর্ষত চিমলা। বৃহৎ চহৰৰ ক্ষেত্রত মুঠ ৪৯খনৰ ভিতৰত সকলোতকৈ তলত আছে শ্রীনগৰ।










