ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : অবৈধ ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে এক প্ৰকাৰ জেহাদ ঘোষণাৰ কৰাৰ সমান্তৰালকৈ কাৰবি আংলঙতো ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে এলানি সফল অভিযান ৷
খটখটী এলেকাত এটা পৰিয়ালে দীৰ্ঘ দিনৰ পৰা ড্ৰাগছ ব্যৱসায় চলাই থকাৰ খবৰ লাভ কৰি বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত কাৰবি আংলং জিলাৰ বোকাজান মহকুমাৰ খটখটীত অভিযান চলাই আৰক্ষীয়ে তিনিটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে সিহতৰ কৱলৰ পৰা ২০’৯০ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন, নগদ ধন ৩ লাখ ৬০ হাজাৰ টকা আৰু ১৪ টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয় ৷
খটখটী থানাৰ অচি মৌবলিক ব্ৰক্ষ্মৰ নেতৃত্বত উপ পৰিদৰ্শক চৰণ মোহন সিংহ চেতিয়া, আৰু কাৰেগাঁও চকীৰ ভাৰপ্ৰাপ্ত সহকাৰী উপ পৰিদৰ্শক অৰুণ কুমাৰ নাথ লগতে ষ্টাফৰ সহযোগত খটখটী বালিজান বস্তিৰ এখন ঘৰত অভিযান চলাই ড্ৰাগছ বিক্ৰিৰ লগত জড়িত আলী হুছেইনৰ পত্নী মনোৱাৰা বেগম, পুত্ৰ দিলদাৰ হুছেইন আৰু আনোৱাৰ হূছেইন সন্দেহযুক্ত হেৰইন, নগদ ধন আৰু কেইবাও মোবাইল সহ গ্ৰেপ্তাৰ কৰে ৷
এই সন্দৰ্ভত খটখটী থানাত ভাৰতীয় আইনৰ ধাৰা ২১(খ)/২৯ এনডিপিএছত ৮৮/২০২১ নম্বৰত এক গোছৰ ৰুজো কৰি গোছৰৰ তদন্তৰ ভাৰ খটখটী থানাৰ উপ পৰিদৰ্শক মৃদুল ৰুদ্ৰ পালক অৰ্পণ কৰে ৷













