ষ্টাফ ৰিপ’ৰ্টাৰ
অসমত তৰুণ গগৈৰ নেতৃত্বত কংগ্রেছ চৰকাৰৰ শেহতীয়া কেইটামান বছৰত তৎকালীন স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ শক্তি লক্ষণীয়ভাৱে বৃদ্ধি পাইছিল। আনকি তৰুণ গগৈক আঁতৰাই হিমন্তই একপ্ৰকাৰ হৈ উঠিছিল মুখ্যমন্ত্রীৰ দাবীবাৰ। প্ৰদেশ কংগ্রেছৰ সংখ্যাগৰিষ্ঠ বিধায়কো আছিল তেওঁৰ সৈতে। ইয়াৰ পিছত তেওঁ উক্ত বিধায়কসকলৰ সমৰ্থন লৈ চিধা দিল্লীলৈ গৈ ৰাহুল গান্ধীক সাক্ষাৎ কৰিবও বিচাৰিছিল। কিন্তু ৰাহুল গান্ধীয়ে সাক্ষাৎ নিদিয়ে। ইয়াৰ পিছত হিমন্তই গোলাম নবী আজাদক সাক্ষাৎ কৰি তেওঁৰ শক্তি প্রদর্শন কৰিছিল।
কিন্তু সেই সময়ত ৰাহুল গান্ধীয়ে স্পষ্টভাৱে জনাইছিল যে এনেদৰে বিক্ষুব্ধ ৰাজনীতি কৰিলে তেওঁক মুখ্যমন্ত্রী পাতিব নোৱাৰি। তাৰ পিছতে এক প্ৰকাৰ অভিমানত কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগ দিয়ে হিমন্ত বিশ্ব শর্মাই। বিজেপিত যোগ দিয়াৰ পিছৰ পৰা কেৱল অসমতেই নহয়, সমগ্ৰ উত্তৰ-পূবৰ ৰাজ্যবোৰত বিজেপিৰ সংগঠন মজবুত কৰে তেওঁ। অসমত বিজেপি চৰকাৰৰ প্ৰথম কাৰ্যকালত কেইবাটাও গুৰুত্বপূৰ্ণ পদবীও লাভ কৰে তেওঁ। তাৰ পিছৰ পৰাই অসমৰ ৰাজনীতিত পুনৰ মুখ্যমন্ত্ৰীৰ পদত হিমন্ত বিশ্ব শৰ্মাৰ নাম চৰ্চালৈ আহিবলৈ ধৰে৷
এইবাৰৰ নিৰ্বাচনত বিজেপিয়ে অসমত প্ৰত্যক্ষভাবে মুখ্যমন্ত্রীৰ নিৰ্দিষ্ট মুখ অবিহনেই প্ৰতিদ্বন্দ্বিতাত নামে। আৰু ইয়াৰ মাজতে হিমন্তৰ জনপ্রিয়তা ইমানে বৃদ্ধি পায় যে বৰ্তমান পুনৰ মুখ্যমন্ত্ৰী হোৱাৰ দাবীদাৰ হৈ উঠিছে।
অসমসহ উত্তৰ-পূব তথা কোনো কোনো ক্ষেত্ৰত ৰাষ্ট্ৰীয় ৰাজনীতিতো বৰ্তমান হিমন্তৰ প্ৰভুত্ব৷ উত্তৰ-পূবৰ অমিত শ্বাহ বুলিও ক’ব খোজে কোনো কোনোৱে। আনহাতে, সৰ্বানন্দ সোণোৱালৰ সহজ-সৰল আৰু নিকা ভাবমূৰ্তিয়েও ৰাইজৰ মনত সাঁচ বহুৱাই থৈছে৷ ইফালে হিমন্তই বিজেপিত যোগদান কৰাৰ পিছত উত্তৰ-পূবৰ ৰাজ্যকেইখনত অস্বাভাবিকভাবে গেৰুৱা শিবিৰৰ শক্তি বৃদ্ধি পাইছে। এখনৰ পিছত আনখন ৰাজ্য দখল কৰিছে বিজেপিয়ে। শেহতীয়া বিটিআৰ নিৰ্বাচনতো দেখুৱাইছে অসাধাৰণ ফলাফল৷ দলীয় সূত্রৰ খবৰ অনুযায়ী, বৃহস্পতিবাৰে অমিত শ্বাহ, জেপি নাড্ডা আৰু বিজেপিৰ আগশাৰীৰ নেতাসকলৰ মাজত অসমৰ আগন্তুক মুখ্যমন্ত্রী কোন হ’ব সেই বিষয়ত আলোচনা অনুষ্ঠিত হয়। আৰু উক্ত বৈঠকতে হিমন্তৰ মুখ্যমন্ত্রী হোৱাৰ সম্ভাৱনা ৮০ শতাংশ খাটাং হয়। কিন্তু তাৰ পিছত আজিৰ দিনটোত পুনৰ সৃষ্টি হয় অনিশ্চয়তা৷ একপ্ৰকাৰ যেন বিপাঙত পৰিছে বিজেপিৰ নেতৃত্ব৷ সৰ্বা নে হিমন্ত, কাক পাতিব পৰৱৰ্তী মুখ্যমন্ত্ৰী সেই বিষয়ত এতিয়াও চলি আছে আলোচনা৷
অৱশ্যে হিমন্ত বিশ্ব শৰ্মা যদি অসমৰ পৰৱৰ্তী মুখ্যমন্ত্রী হয় তেতিয়াহ’লে প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক কি দায়িত্ব দিব? সূত্ৰৰ খবৰ মতে, কেন্দ্ৰীয় কেবিনেটত সৰ্বানন্দক দিয়া হ’ব পাৰে গুৰুত্বপূর্ণ পদবী। ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব হয়তো কাইলৈৰ দিনটোলৈ।