অজন্তা তালুকদাৰ,
বোকাখাতঃ
বিশ্বজুৰি সন্ত্ৰাস অব্যাহত ৰখা কভিডৰ দ্বিতীয় লহৰে যোৱা ৩ মে’ত বোকাখাত নগৰত এজনৰ প্ৰাণ লোৱাৰ খবৰে সম্প্ৰতি মহকুমাটোত আতংকৰ সৃষ্টি কৰিছে।
৩ মে’ত ২৭ কভিড পজিটিভ ধৰা পৰে। মহকুমাটোলৈ বহিঃস্থানৰ পৰা অহা লোকৰ লগতে বোকাখাত নগৰ, ৰজাবাৰী, বৰচাপৰি, লখৌজান, মহুৰামুখ, কাজিৰঙা, নুমলীগড়, কুৰুৱাবাহী আৰু বচাগাঁৱত আজি কভিড পজিটিভ ধৰা পৰিছে।
মহকুমাটোৰ আক্ৰান্তসকল বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ কভিড হস্পিটেলত থকাৰ ওপৰিও হোম কোৱাৰেণ্টাইনত আছে। এই পৰ্যন্ত মহকুমাটোত দ্বিতীয় লহৰত মুঠ আক্ৰান্ত হৈছে ২০৫। অৱশ্যে আৰোগ্য হোৱাৰ খবৰো আহি আছে।