অজন্তা তালুকদাৰ
বোকাখাত : দেশজুৰি বিভীষিকাময় পৰিবেশৰ সৃষ্টি কৰা সংহাৰী ক’ৰোণাই যোৱা ৩ মে’ত বাংগালুৰুত প্ৰাণ ল’লে বোকাখাতৰ এজন যুৱকৰ৷ বোকাখাত সেউজীপাৰৰ অঞ্চলৰ যুৱক অঞ্জন বৰুৱাই অতি শোকাবহভাৱে বাংগালুৰুৰ এখন চৰকাৰী হাস্পতালত মৃত্যুক সাৱটি লয়৷ উল্লেখ্য যে, অঞ্জন বৰুৱা নামৰ যুৱকজনে বাংগালুৰুস্থিত ‘স্ক’প ইন্টাৰনেশ্যনেল’ নামৰ এটা কোম্পানীত কর্মৰত আছিল৷ বাংগালুৰুৰ চমেথানাহাল্লি নামৰ ঠাইত বাস কৰা যুৱকজনৰ গাত যোৱা ২৬ এপ্ৰিলত ক’ভিড লক্ষণে দেখা দিছিল৷ হামগণ্ডানাহাল্লি চৰকাৰী হাস্পতালৰ চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ বাবে ঔষধ নিদান দিয়াৰ লগতে পৰীক্ষাৰ পৰামর্শ দিয়ে৷ পৰীক্ষা কৰোৱাৰ পিছত ৩০ এপ্ৰিলত তেওঁৰ ক’ভিড পজিটিভ ধৰা পৰে৷ হাস্পতালত বিছনাৰ অভাৱত হ’ম আইচলেচনত আছিল যুৱকজন৷ তাৰ পিছত ২ মে’ৰ নিশা উশাহ-নিশাহত কষ্ট পায় আৰু হামগণ্ডানাহাল্লি চৰকাৰী হাস্পতাললৈ লৈ অহা হয়৷
কিন্তু ৩ মে’ৰ পুৱাৰ পৰা হঠাৎ যুৱকজনৰ পালচ্ ৰেট হঠাৎ কমি যায় আৰু কৰুণভাৱে মৃত্যুক সাৱটি লয়৷ ইতিমধ্যে ক’ভিড নির্দেশনা পালন কৰি তেওঁক পাণাথুৰ শ্মশানত শেষকৃত্য সম্পন্ন কৰা বুলি জানিব পৰা গৈছে৷ মৃত্যুৰ সময়ত তেওঁ বাংগালুৰুত পত্নী শিল্পা বৰুৱাক এৰি গৈছে৷