অজন্তা তালুকদাৰ
বোকাখাত : ক’ভিডৰ দ্বিতীয় লহৰে প্ৰাণ ল’লে অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ অন্যতম ৰণুৱা বোকাখাতৰ চিনেশ্বৰ মৰাঙ (৫৬)ৰ। যোৱা ৩ মে’ত ক’ভিডাক্ৰান্ত হৈ মৃত্যু হয় মৰাঙৰ। বিগত কিছুদিন জ্বৰ, কাঁহ, চৰ্দিত তেওঁ ভুগি থাকি অধিক অসুস্থ হৈ পৰাত মৰাঙক ৩ মে’ত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে অনা হয়। উশাহ লোৱাত অত্যাধিক কষ্ট পোৱাত অক্সিজেন দিয়া হয় যদিও তাৎক্ষনিকভাৱে চিকিৎসাধীন অৱস্থাতে মৰাঙৰ মৃত্যু ঘটে। মৃত্যুৰ পূৰ্বে হস্পিটেলত কৰোৱা ক’ভিড পৰীক্ষাত পজিটিভ ধৰা পৰে।
জানিব পৰা মতে পূৰ্বৰে পৰা পাইলচ ৰোগত আক্ৰান্ত হৈ থকা মৰাং অলপতে গুৱাহাটীৰ পৰা পাইলচৰ চিকিৎসা কৰি উভতি আহিছিল আৰু তাৰ পাছৰে পৰা পানী লগা অসুখত ভুগিছিল। তিনিদিনৰ পূৰ্বে পুনৰ ৰোগাক্ৰান্ত হোৱাত বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়লৈ আনিছিল। কিন্তু ক’ভিড টেষ্টৰ কীট নথকাৰ বাবে ক’ভিডৰ পৰীক্ষা কৰিব নোৱাৰি উভতি যাবলগীয়া হ’ল বুলি পৰিয়ালৰ লোকে অভিযোগ কৰিছে ।
অসমৰ বিদেশী বিতাৰণ আন্দোলনৰ অগ্ৰণী ৰনুৱাগৰাকী এটা বিপ্লৱী সংগঠনৰ জন্মৰ সৈতে কিছুদিন জড়িত আছিল। অসমৰ শ্বহীদ নিৰ্যাতিত পৰিয়ালৰ সমন্বয়ৰক্ষী সমিতিৰ বোকাখাত সমিতিৰ সম্পাদক হোৱাৰ লগতে কেন্দ্ৰীয় বিষয়ববীয়া আছিল মৰাং। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ একনিষ্ঠ সেৱক, বোকাখাত মহকুমা দাবী সমিতিৰ কৰ্মকৰ্তা, স্বাৱলম্বী যুৱ ব্যৱসায়ী তথা বোকাখাতৰ প্ৰতিটো সমস্যাৰ সৈতে সংপৃক্ত হৈ থকা সদা হাস্যময় চিনেশ্বৰ মৰাঙৰ দেহাৱসানত বোকাখাত অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত মৰাঙে পত্নী, দুই কন্যা আৰু অজস্ৰ গুণমুগ্ধক এৰি থৈ গৈছে।