নিউজ ডেস্কঃ
পশ্চিমবঙ্গত বিজেপিৰ শোচনীয় পৰাজয়ৰ পিছত নীৰৱে থাকিব পৰা নাই কঙ্গনা ৰানাৱাট। এটাৰ পিছত আন এটা টুইটেৰে প্ৰকাশ কৰিছে হতাশা। লগতে ইয়াকো জনালে, এই পৰাজয় বিজেপিৰ ব্যর্থতা নহয়, বংগৰ মানুহৰ ব্যর্থতা। বংগ শীঘ্ৰে আন এক কাশ্মীৰ হ’বলৈ আগবাঢ়িছে বুলিও দিলে সাৱধানবাণী।
কঙ্গনাই কয়, ‘বাংলাদেশী আৰু ৰোহিঙ্গাসকল হ’ল মমতা বেনাৰ্জীৰ সকলোতকৈ বৃহৎ শক্তি। যি ট্রেন্ড দেখা গৈছে, বংগত হিন্দুসকল আৰু সংখ্যাগৰিষ্ঠ নহয়। তথ্যই কৈছে বংগৰ মুছলিমসকল সমগ্ৰ ভাৰতৰ ভিতৰত সকলোতকৈ দৰিদ্র এবং বঞ্চিত। ভালেই হৈছে, আৰু এখন কাশ্মীৰ সৃষ্টি হ’বলৈ আগবাঢ়িছে।’
বঙালী হিন্দুসকলক উদ্দেশ্যি তেওঁৰ সাৱধান বাণী, কাশ্মীৰী হিন্দুসকলৰ দৰে যেতিয়া আৰু ক’তো যোৱাৰ স্থান নাথাকিব তেতিয়া নিজকেই দোষ দিব লাগিব।
ইতিমধ্যে কঙ্গনাৰ এই টুইটক লৈ সৃষ্টি হৈছে তুমুল বিতর্ক। কিয় তেওঁ হিন্দু-মুছলিম বিভাজন কৰি আগবাঢ়িছে তাক লৈও প্রশ্ন কৰিছে বহুতে। তাৰ লগতে ‘ভাৰত’ হাৰিছে বুলি কোৱাক লৈও তীব্ৰ উষ্মা প্রকাশ কৰা হৈছে। বিজেপি মানেই ভাৰত বা ভাৰত মানেই বিজেপি দৰ্শন তেওঁ ক’ৰ পৰা পালে তাক লৈও প্ৰশ্ন উঠিছে। লগতে হিন্দু হ’লেই বিজেপিক সমর্থন কৰিব বোলাটো কঙ্গনাৰ ভ্রান্ত ধাৰণা বুলিও নেটিজেনসকলে তীব্ৰ ভৰ্ৎসনা কৰিছে।