ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু : দ্বিতীয়বাৰৰ বাবে ১৭ নং বোকাজান সমষ্টিত বিজয় মুকুট পৰিধান কৰিলে বিজেপি প্ৰাৰ্থী ডাঃ নোমল মমিনে ৷ ডাঃ নোমল মমিনে তেওঁৰ নিকটতম কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিতকৈ ১৭৭৪৯ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্থ কৰিবলৈ সক্ষম হয় ৷
ডাঃ নোমল মমিনে ৬০,৪০৪ টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰতন ইংতিয়ে লাভ কৰে ৪২,৬৫৫ টা ভোট ৷ আনহাতে এপিএইছ এলচিৰ ছেমছন টেৰণে ৬৫৬৬ টা, এএছডিচিৰ ৰাজেন্দ্ৰ ৰংপিয়ে ৩৩৬৬, চিপিআই(এমএল) আমলং ইংতিৰ ১৫৬০, এনপিপিৰ ১৪৪৭ টা আৰু বিটিবি ৬৯৬ টা ভোট লাভ কৰে ন’টা ভোট পৰে ১৫৩৮ টা ৷
সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত বিজয়ী প্ৰাৰ্থী ডাঃ নোমল মমিনে কয়যে, এইয়া ৰাইজৰ জয়, ৰাইজৰহৈ কাম কৰাৰ বাবে ৰাইজে প্ৰতিদান হিচাপে তেওঁক জয়ী কৰাইছে ৷ লগতে অনাগত ৫ টা বছৰত বোকাজানবাসীক নিজৰ পৰিয়াল হিছাপে গণ্য কৰি তেওঁ দ্বিগুণ উৎসাহেৰে কাম কৰি যাব ৷












