অজন্তা তালুকদাৰ,
বোকাখাত:
“প্ৰথমবাৰতকৈ দ্বিতীয়বাৰ অধিক ভোটত বোকাখাতৰ ৰাইজে মোক অসম বিধানসভালৈ নিৰ্বাচিত কৰিছে। বিগত দিনত ৰাইজৰ বাবে কৰিছিলোঁ বাবেই আৰু ভৱিষ্যতৰ বাবেও বহুত আশা কৰি ৰাইজে আমাক পুনৰ নিৰ্বাচিত কৰিছে। গতিকে সততা আৰু নিষ্ঠাৰে ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ প্ৰতিশ্ৰুতি মই দোহাৰিলোঁ।” বোকাখাত বিধান সভা সমষ্টিৰ পৰা সদ্য ঘোষিত নিৰ্বাচনৰ ফলাফলত বিজয়ী মিত্ৰ জোঁটৰ প্ৰাৰ্থী অতুল বৰাই প্ৰাথমিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এই দৰে কয়। ২০২১ৰ অসম বিধানসভাৰ নিৰ্বাচনত ৯৩ নং বোকাখাত সমষ্টিত বৃহৎ ভোটৰ ব্যৱধানত জয়ী হয় মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী অতুল বৰা।
অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী তথা বৰ্তমানৰ স্থানীয় বিধায়ক অতুল বৰাই নিকততম কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চা সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী প্ৰনৱ দলেক ৪৫,১৮১ ভোটৰ ব্যৱধানত পৰাজিত কৰি নিজৰেই পূৰ্বৰ অভিলেখ ভংগ কৰি জয় লাভ কৰে। উল্লেখ্য যে বিগত ২০১৬ৰ বিধানসভাৰ নিৰ্বাচনত অতুল বৰাই নিকততম কংগ্ৰেছ প্ৰাৰ্থী তথা প্ৰাক্তন বিধায়ক অৰুণ ফুকনক প্ৰায় ৪২ হাজাৰ ভোটৰ ব্যৱধানত পৰাজিত কৰি সৰ্বমুঠ ৬২,৯৬২ ভোট লাভ কৰি বোকাখাত সমষ্টিৰ পৰা জয়যুক্ত হৈছিল। উল্লেখ্য যে ২ মে’ৰ ভোট গণনাৰ আৰম্ভণিৰ ৰাউণ্ডৰ পৰাই বৃহৎ সংখ্যক ভোটৰ ব্যৱধানত অপ্ৰতিৰোধ্য হৈ আগবাঢ়ি আছিল বৰা। অতুল বৰাই সৰ্বমুঠ ৭২,৯৩০ ভোট লাভ কৰাৰ বিপৰীতে প্ৰনৱ দলেই ২৭,৭৪৯ ভোট লাভ কৰি দ্বিতীয় স্থান আৰু বোকাখাতৰ পৰা দুবাৰকৈ অসম বিধান সভাৰ আসন দখল কৰা প্ৰাক্তন বিধায়ক জিতেন গগৈক ৫,৪৫৩ ভোট লাভেৰে তৃতীয় স্থানত থকা দেখা গ’ল।
উল্লেখ্য যে ভোট গণনা চলি থকাৰ সময়তে অতুল বৰাৰ বিজয় নিশ্চিত বুলি জানিব পৰাৰ লগে লগে সমষ্টিটোৰ বহু সংখ্যক লোক আহি বোকাখাতৰ অতুল বৰাৰ বাসগৃহত উপস্থিত হৈ কভিড প্ৰটকল মানি চলি ঢোলে দগৰে হুঁচৰি জোৰে আৰু বিহুনৃত্য প্ৰদৰ্শন কৰি অতুল বৰাক সম্ভাষণ জনায়। ৰাইজৰ দলৰ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰাই ৩,২৮১, অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰেৱকান্ত গগৈয়ে ২,২৯৫, এন চি পি-ৰ মৃদুল শইকীয়াই ৯৬১, নিৰ্দলীয় প্ৰাৰ্থী ক্ৰমে দীনেশ কৰ্মকাৰে ৯১২ টা, চাইমন তাঁতীয়ে ৬৩৯, দুলাল বৰাই ১,৫২১, বিজয় কুটুমে ৯৬৯, হেমন্ত দলৈয়ে ৯২৭ ভোট প্ৰাপ্ত কৰাৰ লগতে ২,৪৬৫ টা ‘নটা’ ভোট সমষ্টিটোত প্ৰাপ্ত হয়। ডাক যোগে মুঠ সাব্যস্ত হোৱা ১,৬৬০ টা ভোটৰ মুঠ বৈধ ডাক ভোট ১,৫৩২ আৰু মুঠ অগ্ৰাহ্য ডাক ভোট ১২৮। ইয়াৰে অগপ প্ৰাৰ্থী অতুল বৰাই ৮৬৩ আৰু কংগ্ৰেছ আৰু আঞ্চলিক গণ মৰ্চা সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী প্ৰনৱ দলেই ৩৪৪ টা ভোট লাভ কৰিছে।