নিউজ ডেস্কঃ
ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জয়লাভ। শিৱসাগৰ সমষ্টিৰ পৰা জয়লাভ কৰে অখিল গগৈয়ে। বিজেপিৰ প্ৰাৰ্থী সুৰভি ৰাজকুঁৱৰীক প্ৰায় ৮ হাজাৰ ভোটত পৰাস্ত কৰে।
আনহাতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিনজ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুয়োটা সমষ্টিতে পৰাজয়বৰণ কৰিবলগীয়া হয়। দুলিয়াজান আৰু নাহৰকটিয়া দুয়োটা সমষ্টিতে জাতীয় পৰিষদৰ সভাপতিজন তৃতীয় স্থানতে সন্তুষ্ট থাকিবলগা হয়।