নিউজ ডেস্কঃ
বিজেপিৰ আগ্ৰাসী মনোভাবক প্ৰতিৰোধ কৰি পশ্চিমবংগত শাসনভাৰ নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছে তৃণমূল কংগ্ৰেছ।
দুই শতাধিক আসনেৰে ইতিমধ্যে বংগৰ শাসনৰ বাঘজৰী হাতত ৰাখিবলৈ সক্ষম হোৱা তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে জয়লাভ কৰিছে। নন্দিগ্ৰাম সমষ্টিত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ সৈতে হোৱা তুমুল প্ৰতিদ্বন্দ্বিতাৰ অন্তত মমতাই ১২০০ ভোটত জয়লাভ কৰে।