![]()
নিউজ ডেস্কঃ
সংক্রমণ বৃদ্ধি পাই থকাত দিল্লীত লকডাউন আৰু এসপ্তাহলৈ বৃদ্ধি কৰা হ’ল। সোমবাৰে পুৱা পাঁচটাত লকডাউন অন্ত পৰাৰ কথা আছিল দেশৰ ৰাজধানীত। কিন্তু পৰিৱর্তিত পৰিস্থিতিত লকডাউনৰ সীমা বৃদ্ধি কৰা হ’ল আৰু এসপ্তাহলৈ। শনিবাৰে এই কথা ঘোষণা কৰে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে।
উল্লেখ্য, যোৱা ১৯ এপ্রিলৰ পৰা লকডাউন চলি আছে দিল্লীত। কেজৰিৱালে কয়, ‘ৰাজধানী দিল্লীত সংক্রমণ এতিয়াও বাঢ়ি আছে। জনগণ লকডাউন বৃদ্ধিৰ পক্ষপাতী। সেয়ে লকডাউন আৰু এসপ্তাহ বৃদ্ধি কৰা হ’ল।’
বিগত ২৪ ঘণ্টাত দিল্লীত সংক্রমিত হৈছে ২৭ হাজাৰৰো বেছি। দৈনিক মৃত্যু হৈছে ৩৭৫ জনৰ। ইয়াকে লৈ একেৰাহে ২০ দিন দিল্লীত সংক্রমণ হৈছে ২০ হাজাৰৰো অধিক। ৰাজধানীত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা প্রায় ১ লাখ।











