![]()
নিউজ ডেস্কঃ
প্রতিষেধক বোজাই কৰি ৰখা এখন পৰিত্যক্ত ট্রাকক কেন্দ্ৰ কৰি চাঞ্চল্য সৃষ্টি হৈছে মধ্যপ্রদেশৰ কৰেলিত। শনিবাৰে পুৱা মধ্যপ্রদেশৰ নাৰসিংহপুৰ জিলাৰ কৰেলি বাছ আস্থানৰ কাষৰ পৰা উক্ত ট্রাকখন জব্দ কৰে আৰক্ষীয়ে। ট্ৰাকখনৰ ভিতৰত প্ৰায় আঢ়ৈ লাখ কোভেক্সিন ড’জ আছিল।
আৰক্ষী সূত্ৰ মতে, শনিবাৰে পুৱা প্রথমতে খবৰ আহে যে ৰাস্তাৰ কাষত এখন ট্রাক দীর্ঘ সময় ধৰি ৰখি আছে। ঘটনাস্থলীলৈ গৈ আৰক্ষীয়ে দেখে যে ট্রাকখনত কোভেক্সিন প্রতিষেধক ভৰ্তি হৈ আছে। ট্রাকখনৰ চালক কিম্বা হেণ্ডিমেনৰ কোনো সন্ধান নাই। কিন্তু ট্রাকখনৰ ওচৰৰ পৰা চালকজনৰ মোবাইল ফোন উদ্ধাৰ কৰে আৰক্ষীয়ে। ট্রাকখনক ক’লৈ লৈ যোৱা হৈছিল, চালক আৰু হেণ্ডিমেনৰ কি হ’ল সেয়া জানিবৰ চেষ্টা কৰিছে তদন্তকাৰী দলে।
আৰক্ষীয়ে জনোৱা মতে, ট্রাকখনত প্রায় ৮ কোটি টকাৰ প্রতিষেধক মজুত আছে। অৱশ্যে ট্রাকখনৰ শীত-তাপ নিয়ন্ত্রিত যন্ত্র চলি থকাত এটাও প্রতিষেধক নষ্ট হোৱা নাই।











