![]()
নিউজ ডেস্কঃ
দেশত দৈনিক সংক্রমণ প্রায় চাৰি লাখ স্পৰ্শ কৰো কৰো। দৈনিক মৃত্যুৰ সংখ্যা চাৰি হাজাৰ চুবলৈ আগবাঢ়িছে। এই পৰিস্থিতিত শুৱা-খোৱাৰ সময় নাই চিকিৎসকসহ স্বাস্থ্যকর্মীসকলৰ। পিপিই কিট পিন্ধি কোভিড ৰোগীসকলক সুস্থ কৰাৰ কাম কৰি গৈছে তেওঁলোকে। সম্প্রতি ছচিয়েল মিডিয়াত এখন ছবি ভাইৰেল হৈছে। উক্ত ছবিখনত দেখা গৈছে, প্রায় ১৫ ঘণ্টা পিপিই কিট পিন্ধি থকাৰ পিছত এজন চিকিৎসকৰ সমগ্ৰ শৰীৰ ঘামেৰে ভিজি গৈছে। দেখিলে এনে ভাব হয় যেন এইমাত্ৰ গা ধুই আহিছে তেওঁ।
২৮ এপ্রিলৰ নিজৰ এই ছবি টুইটাৰত পোষ্ট কৰে চিকিৎসক চোহিলে। তেওঁ দুখন ছবি পোষ্ট কৰিছিল। এখনত তেওঁ আছে পিপিই কিট পৰিধান কৰি। আনখনত দেখা গৈছে, পিপিই কিট খোলাৰ পিছত ঘামত একেবাৰে ভিজি গৈছে তেওঁ। লগতে তেওঁ কেপচনত লিখিছে, ‘দেশৰ সেৱা কৰিবলৈ পাই গর্বিত।’ একে সময়তে তেওঁ আবেদন কৰিছে, ‘সকলো চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ হৈ আবেদন জনাইছো, সকলোৱে সামাজিক দূৰত্ববিধি মানি চলক। টীকা লওক। কৰোনাক দূৰলৈ পঠিওৱাৰ বাবে শ্ৰেষ্ঠ উপায় টীকাকৰণ।’
এই পোষ্টটোৱে হাজাৰৰো অধিক লাইক লাভ কৰিছে। বহুতেই ৰিটুইট কৰিছে। এজনে কৈছে, ‘মানুহৰ সেৱা কৰাৰ বাবে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক অলেখ ধন্যবাদ।’











