![]()
নিউজ ডেস্কঃ
অতিমাৰিৰ প্রথম বছৰ অর্থাৎ ২০২০ চনত ১ বিলিয়ন ডলাৰৰো অধিক ধন সঞ্চয় কৰিছে বিখ্যাত গুগল কোম্পানীয়ে। ভাৰতীয় মুদ্রাত সেয়া প্রায় ৭৪০০ কোটি টকা! আচৰিত নহ’ব, এই বিপুল পৰিমাণৰ লাভ হৈছে অতিমাৰিৰ বাবেই। এবছৰ ধৰি কর্মচাৰীসকলে ‘ৱর্ক ফ্রম হোম’ত চলিছে, প্রমোচনৰ কাৰ্যসূচী কেৱল ডিজিটেল প্লেটফর্মত। তাৰ বাবেই ১ বিলিয়ন ডলাৰ বচাব পাৰিছে গুগলে।
কেলিফোর্নিয়াত অৱস্থিত গুগলৰ ‘অভিভাৱক’ কোম্পানী এলফাবেটে জনাইছে, যোৱা বছৰৰ প্রথম তিনি মাহত তেওঁলোকে ২৬৮ মিলিয়ন ডলাৰ ৰাহি কৰিছে। ইয়াৰ অর্থ সমগ্ৰ বছৰটোত সঞ্চয় হৈছে ১ বিলিয়ন।
এলফাবেটে তেওঁলোকৰ বার্ষিক ৰিপোর্টত ইয়াকো জনাইছে যে প্রমোচনৰ খৰচ এই বছৰ কমি গৈছে ১.৪ বিলিয়ন ডলাৰ অর্থাৎ প্রায় ১০,৩৬০ কোটি টকা। কাৰণ কোভিডৰ কাৰণে স্থগিত বা বন্ধ কৰি দিয়া হৈছিল বহু প্রমোচনেল প্ৰচাৰ। ভ্রমণ আৰু বিনোদনমূলক খৰচ কমিছে ৩৭১ মিলিয়ন ডলাৰ বা ২৭৫০ কোটি টকা।











