![]()
নিউজ ডেস্কঃ
দেশৰ আগশাৰীৰ তথা আজটকৰ জ্যেষ্ঠ সাংবাদিক ৰোহিত চাৰ্ডনাৰ শুকুৰবাৰে পৰলোকপ্ৰাপ্তি ঘটে। জানিব পৰা মতে কৰোনাত আক্ৰান্ত হৈ আছিল বিশিষ্ট সাংবাদিকগৰাকী। হোম আইছলেচনত আছিল তেওঁ।
অৱশ্যে চাৰ্ডনাই হৃদৰোগত আক্ৰান্ত হৈহে মৃত্যুক আঁকোৱালি লোৱা বুলি প্ৰকাশ। নিজৰ কোভিড আক্ৰান্তৰ কথা ২৪ এপ্ৰিলত সাংবাদিকগৰাকীয়ে টুইট কৰি জনাইছিল।











