![]()
নিউজ ডেস্কঃ
২১ এপ্ৰিলত কৰোনাত মৃত্যু হৈছিল বংগৰ বিখ্যাত কবি শঙ্খ ঘোষৰ। এইবাৰ একেই কাল কৰোনাই প্ৰাণ ল’লে শঙ্খ ঘোষৰ পত্নী প্রতিমা ঘোষৰ। কবিগৰাকীৰ মৃত্যুৰ ঠিক ৮ দিন পিছত বৃহস্পতিবাৰে পুৱা ঘৰতেই মৃত্যুক সাৱটি লয় তেওঁ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৯ বছৰ। তেৱোঁ কৰোনাত আক্রান্ত আছিল। ঘৰতেই কোৱাৰেন্টিনত থাকি চিকিৎসা গ্ৰহণ কৰি আছিল তেওঁ। পৰিয়ালৰ সূত্র মতে, যোৱা ১৪ এপ্রিলত কবি শঙ্খ ঘোষৰ কৰোনা ৰিপোর্ট পজিটিভ আহে। একে সময়তে আক্রান্ত হয় পত্নী প্রতিমা দেৱীও। ঘৰতেই থাকি চিকিৎসা গ্ৰহণ কৰি আছিল দুয়ো। শঙ্খ ঘোষৰ মৃত্যুৰ পিছৰ পৰাই প্রতিমা দেৱীৰ শাৰীৰিক অৱস্থা অধিক শোচনীয় হ’বলৈ আৰম্ভ কৰে। মানসিকভাবেও বিপর্যস্ত হৈ পৰিছিল তেওঁ। বৃহস্পতিবাৰে পুৱা ৫ বজাত মৃত্যু হয় তেওঁ।
প্রতিমা দেৱী আছিল বিদ্যাসাগৰ কলেজৰ অধ্যাপিকা। লগতে এগৰাকী সাহিত্যিকো আছিল তেওঁ। উল্লেখ্য, সুদীর্ঘ প্রায় ৬৫ বছৰৰ বৈবাহিক জীবন আছিল শঙ্খ ঘোষ আৰু প্রতিমা দেৱীৰ।










