![]()
নিউজ ডেস্কঃ
অসমৰ ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ পত্নী তথা মধ্যপ্ৰদেশ কংগ্ৰেছৰ নেত্ৰী নুৰি খানে কিছুদিনৰপৰা সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ভয়াবহ ক’ভিড পৰিস্থিতিত সাধাৰণ ৰাইজৰ মাজত থাকি নিজেই হাতে কামে লাগি সহায় কৰাৰ বাবে ৷ নিজ গৃহৰাজ্যত ক’ভিড ৰোগীক সহায় কৰিছে খানে ৰোগীক চিকিৎসালয়ত ভৰ্ত্তি কৰাৰপৰা আৰম্ভ কৰি অক্সিজেন যোগান ধৰালৈকে ৷ বহুজনে সহায় বিচাৰি খানক ফোনও কৰিছে আৰু প্ৰত্যেক বাৰেই তৎপৰ হৈ পৰিছে কংগ্ৰেছ নেত্ৰীগৰাকী ৷ নিজৰ কান্ধত অক্সিজেন চিলিণ্ডাৰ উঠায়ো ৰোগীক যোগান ধৰা দেখা গৈছিল ৷
কিন্তু আচৰ্য্যজনকভাৱে বিজেপিয়ে মহামাৰীৰ সময়তো বাদ নিদিলে ৰাজনীতি ৷ শিৱৰাজ চৌহান নেতৃত্বাধীন বিজেপি চৰকাৰৰ আক্ৰোশৰ বলি হ’ল নুৰি খান ৷ তেওঁৰ জনপ্ৰিয়তাৰ বাবেই মধ্যপ্ৰদেশ আৰক্ষীয়ে অক্সিজেন সৰবৰাহত বাধা দিয়াৰ অপৰাধত খানক নিজ বাসগৃহৰপৰা গ্ৰেপ্তাৰ কৰি আনে ৷
লগে লগে সৰব হৈ পৰে সমৰ্থকসকল আৰু একাংশ নেতা ৷ তেওঁলোকৰ প্ৰতিবাদত উপায়ন্তৰ হৈ নেত্ৰীগৰাকীক জামিনত মুকলি কৰি দিয়া হয় ৷
উল্লেখ্য যে, তেওঁৰ বিপক্ষে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮/৩৫৩/২৬৯/২৭০/০৩ৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল ৷










