![]()
নিউজ ডেস্কঃ
চিকিৎসা পাবলৈ প্রথমে হস্পিটেলৰ বাহিৰত শাৰী পাতিবলগা হৈছিল। মৃত্যুৰ সৈতে যেতিয়া যুঁজি আছিল, তেতিয়া হস্পিটেলৰ বাহিৰত অক্সিজেন চিলিণ্ডাৰৰ বাবে শাৰী পাতিবলগা হৈছিল তেওঁলোকৰ পৰিয়ালৰ সদস্য। মৃত্যুৰ পিছতো উক্ত শাৰীৰ পৰা নিস্তাৰ নাপালে দিল্লীত কৰোনাত প্রাণ হেৰুওৱাসকলে। চিতাত উঠাৰ বাবেও সাঙীত শুই থকা অৱস্থাতেই শ্মশানত শাৰী পাতিবলগা হ’ল তেওঁলোকে। অতিমাৰিত বিধ্বস্ত ৰাজধানীত এইবাৰ তেনে দৃশ্যই পোহৰলৈ আহিল।

৪০ ডিগ্রিৰ ওপৰৰ গৰমত মঙ্গলবাৰে দিল্লীত কি দৃশ্য ধৰা পৰিল? সুভাষনগৰ শ্মশানত টিনৰ চালিৰ তলত শাৰী শাৰী চিতা জ্বলিছে। মিহি ছাই উৰি আহি পৰিছে কাষৰ চোতালতো। ৰুদ্ৰমূৰ্তি ধৰা ৰ’দত সেই চোতালতে আগুৱাইছে মৃতদেহৰ সর্পিল ৰেখা। এক-দুই ঘণ্টা নহয়, ১৬ৰ পৰা ২০ ঘণ্টা বহি থাকিবলগা হৈছে কোনো কোনোৱে। যিবোৰ প্লাষ্টিকৰ বস্তাত মৃতদেহ বন্ধা আছে, তাৰ ওপৰত নাম, নম্বৰ লিখা থকাত হেৰোৱাৰ ভয় নাই। একেৰাহে বহি থাকিব নোৱাৰি মাজে-সময়ে পোৰা দেহৰ গোন্ধ আৰু ধোঁৱাৰ পৰা বাহিৰ ওলাই আহিছে বহুতো।
কিন্তু বাহিৰতো উশাহ ল’বৰ উপায় নাই। তাতো মৃতদেহ লৈ অহা শাৰী শাৰী এম্বুলেন্স আৰু গাড়ী ৰৈ আছে। তেনে সময়তে আহি ওলাল শ্মশানৰ এজন কর্মচাৰী। ৰুক্ষ স্বৰেৰে ক’লে, ‘‘নিজৰ নিজৰ মৃতদেহ উঠাওক আৰু লাইনত গৈ থিয় হওক।’’ তাত প্লাষ্টিকেৰে বন্ধা পিতৃৰ মৃতদেহৰ ওপৰত চন্দন কাঠ দিবলৈ গৈ থমকি ৰ’বলগা হ’ল এগৰাকী মহিলা। কোনটো নাভি আৰু কোনখন বুকু, তাক বুজাৰ উপায় নাছিল। তেওঁক ধমক দিলে অন্য এজন শ্মশান কর্মচাৰীয়ে। কোনোমতে কান্দোন হেঁচি ধৰি মহিলাগৰাকীয়ে ক’লে, ‘‘পিতৃৰ মুখখন পর্যন্ত দেখা নাপালো।’’

দিল্লী চৰকাৰৰ হিচাব অনুযায়ী, দুমাহ পূৰ্বে ৫৭ জন কৰোনা ৰোগীৰ মৃত্যু হয়। মার্চত সংখ্যাটো বাঢ়ি হয় ১১৭। কিন্তু এপ্রিল মাহ এতিয়াও শেষ হোৱা নাই আৰু কোভিডত আক্রান্ত হৈ ৩ হাজাৰ ৬০১ ৰোগীৰ মৃত্যু হৈছে। ইয়াৰ ভিতৰত বিগত ৭ দিনতেই মৃত্যু হৈছে ২ হাজাৰ ২৬৭ জনৰ। অৱশ্যে চৰকাৰী পৰিসংখ্যাত অমিলৰ অভিযোগ উঠিছে।
অৱশ্যে কেৱল সুভাষনগৰ নহয়, দিল্লীৰ প্রত্যেক শ্মশানৰেই একেই অৱস্থা বুলি অভিযোগ।










