![]()
নিউজ ডেস্কঃ
দেশত কৰোনা পৰিস্থিতি দিনে দিনে শোচনীয় হৈছে। তাৰ মাজতেই অনুষ্ঠিত হৈছে নির্বাচন। কৰোনা সংক্রমণৰ লেকামহীন সংক্ৰমণৰ বাবে সাধাৰণ মানুহে নির্বাচনকেই দোষী কৰিছে। কাঠগড়াত তোলা হৈছে নিৰ্বাচন আয়োগকো। ইয়াৰ পিছতেই কঠোৰ হৈছে আয়োগ। নির্বাচনত বিজয়ৰ পিছত বিজয় সমদলত নিষেধাজ্ঞা আৰোপ কৰিছে ৰাজনৈতিক দলবোৰৰ ওপৰত। এইবাৰ ভোটগণনাক লৈও কঠোৰ হ’ল আয়োগ। ভোটগণনা কেন্দ্রত প্ৰৱেশ কৰিবলৈ হ’লে প্রার্থীয়ে কোভিড নেগেটিভ ৰিপোর্ট বা টীকাৰ ২টা পালি লোৱাৰ প্ৰমাণ-পত্র দেখুৱাব লাগিব।
উল্লেখ্য, ২ মে’ত পাঁচ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বিধানসভা নিৰ্বাচনৰ ভোটগণনা। এই সন্দৰ্ভত আজি নতুন নির্দেশনা আজ জাৰি কৰে আয়োগে। তাত কোৱা হৈছে, গণনা কেন্দ্রৰ বাহিৰত ভিৰ কৰিব নোৱাৰিব। প্রার্থী আৰু তেওঁৰ এজেন্টসকলক প্রবেশত অনুমতি দিয়া হ’ব চর্তসাপেক্ষে। প্রার্থী আৰু তেওঁৰ এজেণ্টে কোভিড পৰীক্ষাৰ নেগেটিভ ৰিপোর্ট নহ’লে টীকাৰ ২টা পালি লোৱাৰ প্ৰমাণ-পত্ৰ দিব লাগিব।
কোভিড পৰীক্ষা ২ মে’ৰ পূৰ্বৰ ৪৮ ঘণ্টাৰ ভিতৰত কৰাব লাগিব। আৰটি–পিচিআৰ নহ’লে ৰেপিড এন্টিজেন টেষ্ট কৰাব লাগিব। গণনাৰ ৩ দিন পূৰ্বে প্রার্থীসকলে গণনা এজেন্টৰ তালিকা পঠাব লাগিব আয়োগলৈ।










