![]()
নিউজ ডেস্কঃ
কৰোনাৰ ফলত শোচনীয় অৱস্থা দিল্লীৰ। অক্সিজেনৰ অভাৱ, নাই বিছনা। এইবোৰৰ মাজতেই দিল্লীৰ নির্বাচিত চৰকাৰৰ পৰা কার্যত সকলো ক্ষমতা কাঢ়ি নিলে কেন্দ্রই। কার্যকৰী হ’ল গভর্নমেন্ট অব নেচনেল কেপিটেল টেৰিটৰি অব দিল্লী (সংশোধনী) আইন, ২০২১ বা এনচিটি আইন ২০২১। বুধবাৰে কেন্দ্রই বিজ্ঞপ্তি দি জনাই দিয়ে যে মঙ্গলবাৰৰ পৰাই বিতর্কিত এই আইন ৰাজধানীত কার্যকৰী কৰা হৈছে। যাৰ অর্থ হ’ল, আৰু স্বাধীনভাবে নিজাববীয়াকৈ কোনো সিদ্ধান্ত ল’ব নোৱাৰিব অৰবিন্দ কেজৰিৱাল চৰকাৰে। মন্ত্ৰীসভাত লোৱা সিদ্ধান্ত কার্যকৰী কৰিবলৈ হ’লেও অনুমতি লাগিব লেফটেনেন্ট গভর্নৰ অনিল বাইজালৰ। অর্থাৎ দিল্লী চৰকাৰৰ আৰু স্বাধীনভাবে কোনো সিদ্ধান্ত লোৱাৰ ক্ষমতা নাথাকিল। সকলো গুচি গ’ল লেফটেনেন্ট গভর্নৰৰ হাতলৈ। অৰবিন্দ কেজৰিৱাল ক্ষমতালৈ অহাৰ পিছত দিল্লীক পূর্ণৰাজ্যৰ মর্যাদা দিয়াৰ দাবীত সৰৱ হৈছিল। কিন্তু সেয়াতো তেওঁ নাপালেই, ওলোটাই এতিয়া যি ক্ষমতা আছিল সেয়াও খর্ব কৰা হ’ল। তাকো এনে এক সময়ত, যেতিয়া দিল্লীত কোভিড পৰিস্থিতি ভয়াৱহ। এই অৱস্থাত হঠাৎ ক্ষমতাৰ এই হস্তান্তৰে আচলতে কোভিডৰ বিৰুদ্ধে যুঁজত দিল্লী চৰকাৰক আৰু অসহায় কৰি দিলে।
উল্লেখ্য, বিগত ২২ মার্চত লোকসভাত গৃহীত হৈছিল এনচিটি বিধেয়ক। তাৰ দুদিন পিছতেই বিধেয়কখন ৰাজ্যসভাত গৃহীত হয়। ৰাষ্ট্রপতিৰ স্বাক্ষৰৰ পিছত সেয়া আইনত পৰিণত হয়। ২৭ এপ্রিলৰ পৰা সেয়া কার্যকৰী কৰে কেন্দ্রই। অৱশ্যে বিধেয়কখন গৃহীত কৰাক লৈও তীব্ৰ বিতর্কৰ সৃষ্টি হয়। আপসহ কংগ্রেছ, তৃণমূলেও ইয়াৰ বিৰোধিতা কৰে যদিও কোনো লাভ নহয়। অৱশেষত বিধেয়কখন আইনত পৰিণত কৰে কেন্দ্রই।










