![]()
নিউজ ডেস্কঃ
বিগত ২৪ ঘণ্টাত দেশৰ ৮ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত কৰোনা সংক্রমণত মৃত্যুৰ কোনো বাতৰি নাই। কিন্তু বিগত এটা দিনত দেশত কৰোনা আক্রান্ত হৈছে ৩,৬০,৯৬০ জন। মৃত্যু হৈছে ৩,২৯৩ জনৰ। পৰিস্থিতি ইমানেই ভয়ঙ্কৰ যে দেশৰ ১৫০ জিলাত সম্পূর্ণ লকডাউন ঘোষণা কৰিব পাৰে কেন্দ্রই।
কৰোনাৰ শৃঙ্খল ভাঙিবলৈ একাধিক ৰাজ্যই আংশিক লকডাউনৰ পথ লৈছে। তাৰ ভিতৰত দিল্লী, মহাৰাষ্ট্রও আছে। কিন্তু কেন্দ্ৰীয় চৰকাৰে কৈছে, দেশৰ যিবোৰ জিলাত পজিটিভিটিৰ হাৰ ১৫ শতাংশৰ বেছি সেইবোৰত সম্পূর্ণ লকডাউন ঘোষণা কৰা হ’ব পাৰে। উক্ত তালিকাত আছে ১৫০খন জিলা। এই দাবী এটি সর্বভাৰতীয় সংবাদ মাধ্যমৰ।
মঙ্গলবাৰে এক উচ্চপর্যায়ৰ বৈঠকত বহে কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰালয়। তাতেই ঠিক হৈছে, এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ৰাজ্য চৰকাৰবোৰৰ সৈতে আলোচনা কৰি। বাধা-নিষেধ কিছু শিথিল কৰা হ’লেও লকডাউন অত্যন্ত জৰুৰী বুলি ভাবে বিশেষজ্ঞসকলে।










