![]()
নিউজ ডেস্কঃ
শেহতীয়াভাৱে ভাৰতে দ্বিতীয় কোভিড-১৯ ঢৌৰ ভয়ংকৰ পৰিস্থিতিৰ সৈতে যুঁজ দি আছে। দেশৰ স্বাস্থ্যসেৱা প্ৰণালীটোৰ চিকিৎসক আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলে ৰোগীসকলক সেৱা আগবঢ়োৱাৰ বাবে অক্লান্ত পৰিশ্ৰম কৰি থকাৰ বাবে ভাৰাক্ৰান্ত হৈ পৰিছে। সকলোৱে প্ৰচণ্ড চাপত থকাৰ সময়তে আকৌ চিকিৎসা কৰ্মচাৰী আৰু ৰোগীৰ আত্মীয়সকলৰ মাজত বিবাদৰ ঘটনাৰ খবৰো পোৱা গৈছে। এনেধৰণৰ এক ঘটনাত সোমবাৰে উত্তৰ প্ৰদেশৰ ৰামপুৰ জিলা চিকিৎসালয়ত এজন চিকিৎসক আৰু এগৰাকী নাৰ্ছ কাজিয়াত লিপ্ত হয়, যাৰ ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
সংবাদ সংস্থা এএনআইৰ দ্বাৰা শ্বেয়াৰ কৰা ১৪ ছেকেণ্ডৰ ভিডিঅ’টোত নাৰ্ছগৰাকী আৰু চিকিৎসকজনে প্ৰথমে ইজনে সিজনক গালি-গালাজ কৰে আৰু চিঞৰ -বাখৰ কৰে। ইয়াৰ পিছতে হঠাৎ নাৰ্ছগৰাকীয়ে চিকিৎসকজনৰ গালত প্ৰচণ্ড চৰ শোধাই দিয়ে আৰু চিকিৎসকজনেও ওলোটাই নাৰ্ছগৰাকীক আক্ৰমণ কৰে।
ঘটনাটোৰ সময়ত এগৰাকী আৰক্ষী বিষয়া আৰু বহু কেইগৰাকী লোক তাত উপস্থিত থকা দেখা যায়। অৱশ্যে সঠিক কি কাৰণত ঘটনাটো সংঘটিত হ’ল সেই বিষয়ে এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।









