![]()
নিউজ ডেস্কঃ
কৰোনা সন্দেহ! মৃত্যুৰ পিছত মৃতদেহ শ্মশানলৈ নিব নিবিচাৰিলে কোনো গাড়ীয়ে। অৱশেষত কাপোৰেৰে বান্ধিয়েই পত্নীৰ মৃতদেহ কান্ধত তুলি খোজ ল’লে স্বামীয়ে। ৩ কিলোমিটাৰ পথ খোজকাঢ়ি শ্মশানত উপস্থিত হ’ল, তাৰ পিছত হ’ল সৎকাৰ। এই মর্মান্তিক ঘটনাৰ সাক্ষী হৈ ৰ’ল তেলেঙ্গানাৰ কামাৰেড্ডি।
জানিব পৰা মতে, মহিলাগৰাকীৰ নাম নাগলক্ষ্মী। প্রয়াত নাগলক্ষ্মী আৰু তেওঁৰ স্বামী কামাৰেড্ডি ৰে’ল ষ্টেচনৰ কাষত এটি জুপুৰীত বাস কৰে। ভিক্ষা কৰিয়েই দিন চলিছিল তেওঁলোকৰ। বিগত কেইবা দিনো ধৰি তেওঁৰ পত্নী অসুস্থ আছিল। পত্নীৰ চিকিৎসা কৰোৱাটো সম্ভৱপৰ নাছিল স্বামীৰ বাবে। পত্নী কৰোনাত আক্রান্ত আছিল নেকি সেয়াও জানিব পৰা নাছিল। তাৰ পূৰ্বেই নাগলক্ষ্মীৰ মৃত্যু হয় যোৱা দেওবাৰে।
মৃত্যুৰ পিছত শেষকৃত্যৰ বাবে ৰে’লৱে কৰ্তৃপক্ষৰ পৰা আঢ়ৈ হাজাৰ টকা দিয়া হয় নাগলক্ষ্মীৰ স্বামীক। কিন্তু সেই টকা দিও পত্নীৰ মৃতদেহ শ্মশানলৈ লৈ যোৱাৰ বাবে এখন গাড়ীও ভাড়া কৰিব নোৱাৰিলে তেওঁ। এলেকাটোত গুজৱ ওলায়, কৰোনা সংক্রমণৰ বাবেই নাগলক্ষ্মীৰ মৃত্যু হৈছে। যাৰ ফলত কোনোৱে নিব নিবিচাৰে মৃতদেহ। ফলত বাধ্য হৈয়েই পত্নীৰ মৃতদেহ কান্ধত তুলি লৈ খোজকাঢ়িয়ে শ্মশানলৈ যায় তেওঁ। স্থানীয় আৰক্ষী প্রশাসনৰ ভূমিকাক লৈও প্রশ্ন উঠিছে। প্রশাসনৰ গাফিলতিৰ বাবেই নির্মম দৃশ্যৰ সাক্ষী হৈ ৰ’ল তেলেঙ্গানা।










