![]()
নিউজ ডেস্কঃ
১ মে’ত ভাৰতত প্ৰৱেশ কৰিব ৰাছিয়ান প্রতিষেধক স্পুটনিক ভি। ৰাছিয়াৰ প্ৰত্যক্ষ বিনিয়োগ পুঁজিৰ প্রধান কিৰিল দিমিত্রিয়েভে জনোৱা মতে, প্রথম বেটচৰ টীকা ভাৰত আহি পাবহি মে’ দিৱসৰ দিনাই। অৱশ্যে প্রথম পৰ্যায়ত কিমান পৰিমাণৰ টীকা পঠোৱা হৈছে সেয়া তেওঁ জনোৱা নাই। প্রতিষেধকটি যৌথভাবে প্ৰস্তুত কৰিছে গামায়েল নেচনেল ৰিছার্চ চেণ্টাৰ অব এপিডেমোলজি এণ্ড মাইক্রোবায়োলজি আৰু আৰডিআইএফে। ভাৰতত ইয়াৰ বিপণনৰ দায়িত্বত আছে ডঃ ৰেড্ডিজ কোম্পানী।
এটা পালি স্পুটনিক ভি টীকাৰ মূল্য আন্তর্জাতিক বজাৰত ১০ ডলাৰৰো কম। অৱশ্যে ভাৰতত এতিয়াও ইয়াৰ মূল্য সন্দৰ্ভত চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই। প্রস্তুতকাৰী কোম্পানীৰ সৈতে এই বিষয়ত দৰ-দাম চলি আছে বুলি খবৰ।
উল্লেখ্য, এই টীকাও দুটা পালি দিয়া হয়। প্রথম পালি দিয়াৰ ২১ দিন পিছত দ্বিতীয় পালি। সকলোতকৈ বেছি ইমিউনিটি (ৰোগ প্রতিৰোধ ক্ষমতা) গঢ়ি উঠে প্রথম পালি লোৱাৰ ২৮-৪২ দিনৰ সময়সীমাৰ ভিতৰত। জানিব পৰা মতে, এই টীকাৰ পৰিবহণ সহজ, কাৰণ ইয়াক ৰাখিবলগা হয় ২-৮ ডিগ্রি তাপমাত্রাৰ ভিতৰত মধ্যে। অর্থাৎ, সাধাৰণ ৰেফ্রিজাৰেটৰতেই ৰাখিব পৰা যাব এই টীকা।
কৰোনা ভাইৰাছৰ বিৰুদ্ধে স্পুটনিক ভিৰ ৯১.৬ শতাংশ কার্যকাৰিতা আছে বুলি জনোৱা হৈছে। ফাইজাৰ-বায়োএনটেক আৰু মডার্নাসহ বিশ্বৰ শ্ৰেষ্ঠ প্রতিষেধক হিচাবে বিবেচিত প্রতিষেধকৰ কার্যকাৰিতা ৯০ শতাংশ। আনহাতে,, ট্রায়েলত ৮১ শতাংশ কার্যকাৰিতা প্রমাণিত হৈছে কোভিশিল্ড আৰু কোভেক্সিনৰ।
পার্শ্বপ্রতিক্রিয়াৰ ক্ষেত্রতো ৰাছিয়ান প্রতিষেধকটি সসন্মানে উত্তীৰ্ণ হৈছে। শৰীৰত ক্ষতিকৰ কোনো প্রতিক্রিয়া নকৰে বুলিয়েই জনোৱা হৈছে। এই পর্যন্ত স্পুটনিক ভিৰ ট্রায়েলত চাৰিজনৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও তাৰ কোনোটোৰ সৈতেই প্রতিষেধকৰ সম্পর্ক নাই। ফ্লুৰ লক্ষণ, টীকা লোৱা স্থানত মৃদু বিষ আৰু দুর্বলতাৰ দৰে সৰু-সুৰা প্ৰাৰ্শ্বপ্ৰতিক্ৰিয়াৰ কথা জানিব পৰা গৈছে।










