![]()
নিউজ ডেস্কঃ
হস্পিটেলৰ মর্গৰ বাহিৰত ৰখা এখন এম্বুলেন্সত কোভিডত আক্ৰান্তৰ মৃতদেহ জাপি লৈ যোৱা হৈছে সৎকাৰৰ বাবে। স্থান নাই, তথাপি এখন এম্বুলেন্সত বোজাই কৰা হৈছে ২২টা মৃতদেহ। এটিৰ ওপৰত আন এটা বস্তাত বন্ধা মৃতদেহ পাণ জপাদি জাপি লোৱা হৈছে গাড়ীখনত। এই ভয়াৱহ ছবি দেখা গৈছে মহাৰাষ্ট্রৰ বীড জিলাৰ অম্বেজোগাইত।
স্বামী ৰামানন্দ তীর্থ মাৰাঠাৱাড়া চৰকাৰী মেডিকেল কলেজৰ ঘটনা এইটো। স্থানীয় সূত্রে জানিব পৰা মতে, মৃতদেহ এনেদৰে তোলাৰ সময়ত তাত উপস্থিত আছিল আৰক্ষী। অভিযোগ, মৃত ৰোগীসকলৰ আত্মীয়সকলক এম্বুলেন্সত মৃতদেহ তোলাৰ ছবি তুলিবলৈ যাওঁতে তেওঁলোকৰ মোবাইল কাঢ়ি লোৱা হয়। মৃতদেহকেইটা সৎকাৰৰ পিছত মোবাইল ফোনকেইটা ঘূৰাই দিয়া বুলি জনাইছে তেওঁলোকে।
ঘটনাৰ কথা বিয়পি পৰাৰ লগে লগে হাহাকাৰ লাগি পৰে স্থানীয় প্রশাসনৰ। ঘটনা সন্দৰ্ভত বীড জিলাৰ উপায়ুক্ত ৰবীন্দ্র জগতপে সংবাদ মাধ্যমক কয়, ‘‘অম্বেজোগাইত অতিৰিক্ত উপায়ুক্তই ঘটনা সন্দৰ্ভত তদন্তৰ নির্দেশ দিছে। দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।’’ হস্পিটেলখনৰ ডিন শিৱাজী ছুকৰেই কয়, ‘‘সৎকাৰ কৰিবলৈ মৃতদেহ লৈ যাবৰ বাবে মাত্র দুখন এম্বুলেন্স আছে। আমি আৰু এম্বুলেন্সৰ দাবী জনাইছো। কাৰোবাৰ মৃত্যু হ’লে স্থানীয় প্রশাসনৰ হাতত মৃতদেহ তুলি দিয়াটো আমাৰ দায়িত্ব। তেওঁলোকে কেনেদৰে সেইবোৰ লৈ যাব, সেয়া আমাৰ নিয়ন্ত্রণত নাই।’’










