![]()
নিউজ ডেস্কঃ
বিয়াৰ দিন পূৰ্ব নিৰ্ধাৰিত আছিল। তাৰ মাজতেই লাগিল পয়মাল। কোভিড আক্রান্ত হ’ল দৰা (বৰ)। কি কৰা যায়? চিন্তা কৰি তৎ নোপোৱা হ’ল দৰা-কইনাৰ পৰিয়াল। কিন্তু বিয়া পিছুওৱাৰ পথ ল’ব নিবিচাৰিলে দুয়ো পৰিয়ালে। তাৰ পৰিৱৰ্তে অন্য ধৰণে চিন্তা কৰিলে বিয়াৰ কাৰ্য সমাধানৰ। দৰা-কইনাই পিন্ধি ল’লে পিপিই কিট। আৰু পিপিই কিট পিন্ধিয়েই ঘূৰিলে অগ্নিক সাক্ষী কৰি সাত পাক। ঘটনাটো মধ্যপ্রদেশৰ ৰতলামৰ।
অভিনৱ সেই বিয়াৰ ভিডিও বৰ্তমান ভাইৰেল। তাত দেখা গৈছে নেপথ্যৰ পৰা ভাহি আহিছে মন্ত্রোচ্চাৰণ। দৰা-কইনাই পিপিই কিট পিন্ধিয়েই সাত পাক ঘূৰিছে। বিয়াত উপস্থিত আছে মাত্র ৩ জন। জিলা প্রশাসনৰ এগৰাকী বিষয়া নবীন গৰ্গে জনোৱা মতে, ‘১৯ এপ্রিলত কৰোনা আক্রান্ত হয় দৰা। আমি বিয়া স্থগিত কৰিবলৈ ইয়ালৈ আহিছিলো, যাতে সংক্রমণ বিয়পি নপৰে। কিন্তু শেষ পর্যন্ত প্রশাসনৰ তত্ত্বাৱধানতে শুভ বিবাহ সম্পন্ন হয়। দৰা-কইনাই পিপিই কিট পিন্ধিছিল, যাতে সংক্রমণ নিবিয়পে।’









