![]()
নিউজ ডেস্কঃ
কোৱা হয় চিনেমাত যি দেখুওৱা হয় সেয়া বাস্তৱৰ প্রতিৰূপ। আৰু এইবাৰ চিনেমাৰ প্রতিচ্ছবি দেখা গ’ল বাস্তৱত। কৰোনা ৰোগীক মাজত বহুৱাই স্কুটি লৈ হস্পিটেলৰ কৰিডৰেৰে সোমাই আহিল চালক। থ্রি ইডিয়টছ চিনেমাত উক্ত দৃশ্য দেখি হাঁহি উঠিলেও এইবাৰ বাস্তৱত কঠিন পৰিস্থিতিৰ সম্মুখীন ৰোগীৰ পৰিয়াল। মাজত ৰোগী, সন্মুখত চালক আৰু পিছত আৰু এজন পৰিয়ালৰ আত্মীয়।
সম্প্রতি এটি ভিডিও প্রকাশ্যে আহিছে। য’ত দেখা গৈছে স্কুটি দৌৰি আহিছে হস্পিটেলৰ কৰিডৰৰে। সেই দৃশ্য দেখি সকলোৱেই দেৱালৰ কাষ চাপি গৈছে। স্কুটিখনে হর্ন দি দি আগবাঢ়ি গৈছে। বিছনাৰ সন্ধানত, অক্সিজেনৰ সন্ধানত, যথাযথ ঔষধৰ সন্ধানত, ঘূৰি ফুৰিছে পৰিয়াল-পৰিজন। হস্পিটেলত ষ্ট্ৰেচাৰ নাই। এখন হস্পিটেলৰ পৰা আন এখনলৈ নিয়াৰ বাবে যি এখন ষ্ট্ৰেচাৰ লাগে সেয়াও নাই। সেয়ে ৰোগীক মাজত বহুৱাই এজন চালক আৰু পিছত আৰু এজন বহি চিধা হস্পিটেলৰ পৰা ওলাই গ’ল তেওঁলোক। জানিব পৰা মতে, ঘটনাটি ঘটিছে ঝাড়খণ্ডৰ পালামু মেদিনীৰাই মেডিকেল কলেজত। ৰাষ্ট্ৰীয় স্তৰৰ সংবাদ মাধ্যমত এই খবৰ প্রকাশ্যে অহাৰ লগে লগেই ভাইৰেল হৈছে ভিডিও। লগতে প্রশ্ন উঠিছে কোভিড ৰোগীৰ বাবে স্বাস্থ্য ব্যৱস্থাৰো।










