![]()
নিউজ ডেস্কঃ
ৰাজ্য ও কেন্দ্রৰ বাবে ভেকচিনৰ ভিন্ন ভিন্ন দামৰ কথা ঘোষণা কৰিছিল প্রস্তুতকাৰী কোম্পানীয়ে। এইবাৰ তাকে লৈয়েই প্রশ্ন তুলিলে ছুপ্রিম কোর্টৰ ন্যায়াধীশে। কৰোনা সন্দৰ্ভত এটি গোচৰত ভেকচিনৰ ভিন্ন দামক লৈ প্রশ্ন তোলে ছুপ্রিম কোৰ্টে। দেশৰ এই জৰুৰী অৱস্থাত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ বাবে ভেকচিনৰ দাম ভিন্ন কিয়, ইয়াৰ যুক্তিযুক্ততা বা কি সেই সন্দৰ্ভত চৰকাৰৰ পৰা জানিব বিচাৰিছে শীর্ষ আদালতে। আনকি কৰোনা ৰুধিবলৈ ভেকচিনেচনেই একমাত্র উপায় নেকি তাক লৈও প্রশ্ন তুলিছে আদালতে।
এই সময়ত ড্রাগ কন্ট্রোল বোর্ড কিয় দাম কমাবলৈ আগবাঢ়ি অহা নাই, তাক লৈও প্রশ্ন তুলিছে ন্যায়াধীশে। লগতে অহা ১ মে’ৰ পৰা ১৮ ঊর্ধ্ব বয়সীয়াসকলকো টীকাকৰণ আৰম্ভ কৰিবলৈ আগবাঢ়িছে। তেনে ক্ষেত্রত চাহিদা আৰু যোগানৰ সমতা বজাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে কি কি পৰিকল্পনা কৰিছে তাকো আজি জানিবলৈ বিচাৰে শীর্ষ আদালতে।
উল্লেখ্য, ৰাজ্য আৰু কেন্দ্রৰ বাবে ভেকচিনৰ ভিন্ন ভিন্ন দাম হোৱাত একাধিক ৰাজ্যই এি সন্দৰ্ভত প্রশ্ন তুলিছে। আৰু আজি কেন্দ্রৰ ওচৰত সেই প্রশ্নই তুলিলে শীর্ষ আদালতে।










