![]()
নিউজ ডেস্কঃ
নিজৰ দেশত যাতে কৰোনা সংক্রমণৰ আমদানি নহয়, তাৰ বাবে দুসপ্তাহৰ বাবে ভাৰতৰ সৈতে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত ল’লে বাংলাদেশ চৰকাৰে। ২৬ এপ্রিলৰ পৰা অহা ৯ মে’ পর্যন্ত সীমান্ত বন্ধ থাকিব। এই সময়ছোৱাত বৈধ ভিছা-পাছপোর্ট লৈও স্থলপথেৰে ভাৰতৰ পৰা কোনো লোক বাংলাদেশত প্ৰৱেশ কৰিব নোৱাৰিব।
উল্লেখ্য, ১৪ এপ্রিলৰ পৰা দুয়ো দেশৰ মাজত বিমান সেৱা বন্ধ আছে। তাৰ মাজতেই ভাৰতত দৈনিক সংক্রমণ চাৰে ৩ লাখ অতিক্ৰম কৰি গৈছে। এনে পৰিস্থিতিত দেওবাৰে সাময়িকভাবে সীমান্ত বন্ধ ৰখাৰ সিদ্ধান্ত ঘোষণা কৰে বাংলাদেশৰ বিদেশমন্ত্রী এ কে আব্দুল মোমেনে। অৱশ্যে মানুহৰ প্রবেশ বন্ধ থাকিলেও, পূৰ্বৰ দৰে ব্যৱসায়-বাণিজ্য চলি থাকিব বুলি তেওঁ জনাইছে।
ইফালে বাংলাদেশ চৰকাৰৰ এই ঘোষণাত বিপাঙত পৰিছে দেশখনৰ পৰা ভাৰতলৈ অহা বহু লোক। সোমবাৰে পুৱা পেট্রোপোল সীমান্তত দেখা যায় বহু মানুহৰ ভিৰ। হঠাৎ এই ঘোষণাত আবদ্ধ হৈ পৰিছে তেওঁলোক। সীমান্ত বন্ধ কৰাৰ পূৰ্বে দুদিন অন্তত সময় দিয়া উচিত আছিল বুলি তেওঁলোকে মন্তব্য কৰে।










