নিউজ ডেস্কঃ
ভাৰতৰ কাষত থকাৰ বার্তা দিলে সংযুক্ত আৰব আমিৰশাহিয়ে। বিখ্যাত বুর্জ খলিফা সজাই তোলা হ’ল ত্ৰিৰংগাৰে। তাত লেখা এশাৰী বাক্য ভাহি উঠিল— ষ্টে ষ্ট্ৰং ইণ্ডিয়া অর্থাৎ অতিমাৰিৰ পৰিস্থিতিত শক্তিশালী হৈ থাকক ভাৰত।
আবু ধাবিত অৱস্থিত ভাৰতীয় দূতাবাসৰ অফিচিয়েল টুইটাৰ একাউন্টৰ পৰা ১৭ ছেকেণ্ডৰ ভিডিও প্রকাশ কৰা হৈছে। তাত দেখা গ’ল, গগনচুম্বী বুর্জ খলিফা আলোকিত হৈ উঠিছে গেৰুৱা বগা সেউজীয়াৰে। বাদ পৰা নাই অশোক চক্রও। সৰ্বশেষত ফুটি উঠিল সেই বার্তা, ‘ষ্টে ষ্ট্ৰং ইণ্ডিয়া।’ ডুবাইত অৱস্থিত বুর্জ খলিফা পৃথিবীৰ উচ্চতম অট্টালিকা। ইয়াৰ উচ্চতা ৮২৯.৮ মিটাৰ। এই অট্টালিকাৰ ওপৰত পোহৰৰ খেলাত ফুটি উঠে বহু ছবি, বার্তা।










