![]()
নিউজ ডেস্কঃ
ক্রমশ অৱনতি হোৱা ভাৰতৰ কৰোনা পৰিস্থিতিক লৈ উদ্বেগ প্রকাশ কৰি এইবাৰ দেশবাসীৰ কাষত থকাৰ বার্তা দিলে গুগল চিইও সুন্দৰ পিচাই আৰু মাইক্র’ছফটৰ চিইও সত্য নাদেলাই। কৰোনাৰ বিৰুদ্ধে যুঁজত ভাৰতক ইউনিচেফ আৰু গিভ ইণ্ডিয়াৰ মাধ্যমেৰে মুঠ ১৩৫ কোটি টকা অনুদান দিয়াৰ কথা সোমবাৰে টুইটাৰত ঘোষণা কৰে সুন্দৰ পিচাইয়ে । ভাৰতৰ কৰোনা পৰিস্থিতিক লৈ উদ্বিগ্ন পিচাইয়ে কয়, ‘ভাৰতত ক্রমাগত বৃদ্ধি পাই থকা কোভিড সঙ্কট দেখি মই বিধ্বস্ত।’
মাইক্র’ছফটৰ চিইও সত্য নাদেলাই টুইট কৰি কয়, ‘ভাৰতৰ কোভিড পৰিস্থিতি হৃদয় বিদাৰক। ভাৰতলৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে মার্কিন যুক্তৰাষ্ট্র চৰকাৰক মই ধন্যবাদ জনাইছো। এই বিপর্যয়ত সকলো প্ৰকাৰৰ সহযোগিতা আগবঢ়াব মাইক্র’ছফটে। একে সময়তে ভাৰতক অক্সিজেন কনচেনট্রেচন যন্ত্র কিনাত সহযোগিতা আগবঢ়োৱা হ’ব।’
উল্লেখ্য, কৰোনা সঙ্কটত ভাৰতৰ কাষত থকাৰ আশ্বাস দিছে মার্কিন ৰাষ্ট্ৰপতি জো বাইডেন আৰু উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে। ভাৰতক টীকা উৎপাদনৰ কেঁচামাল ৰপ্তানি অব্যাহত ৰখা হ’ব বুলি জনাইছে। সহায়ৰ হাত আগবঢ়াইছে ব্রিটেইন, জার্মানীয়েও।










