![]()
নিউজ ডেস্কঃ
দেশৰ কৰোনা পৰিস্থিতি এতিয়া ভয়াৱহ বুলিলেও অত্যুক্তি কৰা নহয়। দিল্লী, মহাৰাষ্ট্র, উত্তৰ প্রদেশ, মধ্যপ্রদেশত অসহায়ভাবে মানুহ মৰিছে। বেছিভাগ ক্ষেত্রতেই উপযুক্ত চিকিৎসা উপলব্ধ হোৱা নাই। হস্পিটেলৰ বাহিৰত পৰি থাকিয়েই মৃত্যু ঘটিছে বহুতৰে। ভাৰতৰ এই দুর্দশাৰ ছবি এতিয়া বিদেশৰ সংবাদ মাধ্যমৰ চর্চাৰ বিষয় হৈ পৰিছে।
কৃষক আন্দোলনৰ স্মৃতি এতিয়াও সতেজ। সেই সময়ত মার্কিন প’প তাৰকাৰ টুইটক কেন্দ্ৰ কৰি তোলপাৰ লাগিছিল সমগ্র বিশ্ব। সকলোৰে দৃষ্টি আছিল দিল্লীত আন্দোলনৰত কৃষকসকলৰ ওপৰত। সেই ঘটনাৰ পিছত পুনৰ আন্তর্জাতিক মিডিয়াৰ আলোচনাত ভাৰত। কিন্তু বিষয় এইবাৰ কৰোনা সংক্রমণ আৰু মৃত্যু।
ব্রিটেইনৰ এক নামী সংবাদ-পত্রত দিল্লীৰ টেগ বাহাদুৰ হস্পিটেলৰ ছবিসহ প্রতিবেদন প্রকাশিত হৈছে। বিস্তাৰিতভাবে লেখা হৈছে কেনেদৰে কোভিড আক্রান্ত ৰোগীসকলে হস্পিটেলত ঠাই পোৱা নাই। ৩৫ ডিগ্রি গৰমত কম্বল উৰি পৰি আছে তেওঁলোক। অক্সিজেনৰ সঙ্কটত ৰোগীসকলৰ মৃত্যুৰ কথাও দাঙি ধৰা হৈছে। ছয় ঘণ্টা শ্বাসকষ্টত ভোগাৰ পিছত অক্সিজেন পোৱাৰ পিছত মৃত্যু হৈছে এজন ব্যক্তিৰ। মৃতকৰে পৰিয়ালৰ লোকসকলৰ শোক প্রকাশ কৰাৰ সময়েই নাই বুলি লেখা হৈছে প্রতিবেদনখনত।
দৈনিক মৃত্যুৰ বৃদ্ধিৰ লগে লগে শ্মশান, কবৰস্থানত যে ঠাই নাই, সেই কথাও দাঙি ধৰা হৈছে। দিল্লীত একেলগে এশখন চিতা জ্বলাৰ এখন ছবি প্রকাশিত হৈছে। মুঠতে কৰোনাৰ দ্বিতীয় ঢৌত ভাৰতৰ শোচনীয় দশা। এয়া কেৱল দেশীয় নহয়, আন্তর্জাতিক মিডিয়াৰ খবৰ।










