![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
কৰোনা ভাইৰাছ মহামাৰীৰ বিধ্বংসী দ্বিতীয় ঢৌৰ মাজতে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ লোকসকলক এক ডাঙৰ সকাহ দি কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে ঘোষণা কৰে যে তেওঁলোকে ২০২১ চনৰ মে’ আৰু জুন মাহৰ বাবে প্ৰধানমন্ত্ৰী গৰিব কল্যাণ যোজনাৰ অধীনত বিনামূলীয়া ৰেচন প্ৰদান কৰিব।
ভাৰত চৰকাৰে প্ৰকাশ কৰা এক বিবৃতি মতে, দেশৰ প্ৰায় ৮০ কোটি হিতাধিকাৰীক ৫ কিলোগ্ৰাম বিনামূলীয়া খাদ্য-শস্য প্ৰদান কৰা হ’ব।
দেশৰ বিদ্যমান কোভিড-১৯ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা এই পদক্ষেপত কেন্দ্ৰই ২৬,০০০ কোটি টকাতকৈও অধিক ব্যয় কৰিব।
উল্লেখ্য, ভাৰতে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ সকলো ‘ৰেকৰ্ড’ ভাঙি পেলোৱাৰ ধাৰা অব্যাহত থকাৰ সময়তে এই ঘোষণাটো আহিছে। দেশখনে শুক্ৰবাৰে এটা দিনতে ৩.৩২ লাখতকৈও অধিক নতুন কৰোনা ভাইৰাছৰ ঘটনা নথিভুক্ত কৰিছে।










