![]()
নিউজ ডেস্কঃ
নকল চেনিটাইজাৰ বিক্ৰী কৰি চলাইছিল ৰমৰমীয়া ব্যৱসায়। মাত্র ১০ মাহত ১০ কোটি টকা মুনাফাও লাভ কৰিছিল। কিন্তু শেষৰক্ষা নহ’ল। অৱশেষত আৰক্ষীৰ জালত পৰিল ভদোদৰাৰ উক্ত দুই নম্বৰী ব্যৱসায়ীজন।
দেশত কৰোনা সংক্রমণ আৰম্ভ হোৱাৰ পিছতেই হেণ্ড চেনিটাইজাৰৰ চাহিদা বৃদ্ধি পাইছিল। এই পৰিস্থিতিত বহুতেই নকল চেনিটাইজাৰ বিক্ৰী কৰি দুপইচা উপাৰ্জনৰ চেষ্টা কৰিছিল। তেনেকুৱা এজন ব্যক্তিয়েই আছিল নীতিন কোটৱানি। বৃহস্পতিবাৰে তালাচী চলাই আৰক্ষীয়ে ভাছনা ৰোড আৰু ৰাওপুৰা এলেকাৰ দুখন দোকানৰ পৰা ১০ লাখ টকাৰ নকল চেনিটাইজাৰ বাজেয়াপ্ত কৰে। গ্রেপ্তাৰ কৰা হৈছে নীতিন কোটৱানিক। ভদোদৰাৰ আৰক্ষী আয়ুক্ত চমচেৰ সিঙে জনোৱা মতে, ‘আমি দোকান আৰু মালিকৰ সন্ধান উলিওৱাৰ চেষ্টা কৰিছো। য’ত কোটৱানিয়ে নকল চেনিটাইজাৰ বিক্ৰী কৰিছিল।’
জানিব পৰা মতে, উক্ত নকল চেনিটাইজাৰত মেথানল মিহলোৱা হৈছিল। যিটো মানুহৰ শৰীৰৰ পক্ষে ক্ষতিকাৰক। যিয়ে কোটৱানিক এই নকল চেনিটাইজাৰ যোগান ধৰিছিল, সেই মাৰুতি কেমিকেল প্রডাক্টৰ মালিক অশোক পেটেল বৰ্তমান পলাতক। অৱশ্যে আৰক্ষীৰ মতে, কোটৱানিয়ে সঠিক তথ্য দিয়া নাই। তেওঁক অধিক জেৰা কৰা হৈছে। কোটৱানিৰ বেঙ্ক লেনদেনৰ অনুসন্ধান কৰিছে আৰক্ষীয়ে। যোৱা মঙ্গলবাৰে অশোক পেটেলৰ কাৰখানাৰ পৰা ৪৫ লক্ষ টকাৰ নকল চেনিটাইজাৰ উদ্ধাৰ কৰে আৰক্ষীয়ে। ইয়াৰ পিছতেই দু’দিন পিছত কোটৱানিক গ্রেপ্তাৰ কৰা হয়।










