![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
শুকুৰবাৰে গুৱাহাটী সৰুসজাইত নিৰ্মীয়মান ৪০০বিচনা যুক্ত কভিড কেয়াৰ চেণ্টাৰ পৰিদৰ্শন কৰি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তৱ্য, ‘৯ এপ্ৰিলৰ অসমত কভিড আহিছে। তাৰ আগতে কভিড নাছিল সেয়া সত্য কথা’।
উল্লেখ যে, গুৱাহাটীৰ সৰুসজাই উপৰিও এছআইডি কাঢ়িকুছিত ২৫০জন আৰু পতাঞ্জলি যোগ পীঠত ৪০০জন আক্ৰান্ত থাকিব পৰাকৈ নিৰ্মান চলি আছে দুটা কভিড কেয়াৰ চেণ্টাৰ আগন্তক পাঁচ দিনৰ ভিতৰত সাজু হ’ব তিনিওটা চেণ্টাৰ। গুৰুত্বপূৰ্ণ কথা চেণ্টাৰ কেইটা সাজু হ’লে ১০৫০ গৰাকী আক্রান্ত ৰাখিব পৰা যাব বুলি মন্ত্ৰী শৰ্মাই জানিব দিয়ে।
পৰিস্থিতি যিধৰণে আগবাঢ়িব তাৰ লগত জোৰা টাপলি-মাৰিব লাগিব বুলি কৈ মন্ত্ৰীগৰাকীয়ে কয়- খানাপাৰাত কভিড কেয়াৰ চেণ্টাৰৰ পৰিৱৰ্তে আইচিইউ সৈতে এখন কেম্প চিকিৎসালয় নিৰ্মাণ কৰা কথা আলোচনা চলি আছে। লগতে তেওঁ কয় বৰ্তমানলৈ অক্সিজেন, চিকিৎসালয় বিচনা আমাৰ হাতত আছে। কিন্তু ৰোগী সংখ্যা বাঢ়ি পৰিৱেশ জটিল হ’লে অন্য ৰাজ্যৰ ওচৰত হাত পাতিব লগা পৰিস্থিতি আহিলে কি ধৰণৰ পৰিৱেশ হ’ব বৰ্তমান ক’ব পৰা অৱস্থাত নাই। কাৰণ অন্য ৰাজ্য অৱস্থা বেয়া। অভাৱনীয় পৰিৱেশ নহ’লে যোৰা টাপলি মাৰিব পাৰিম- মন্ত্ৰী শৰ্মাই কয়।
তাপৰ্যপূৰ্ণ কথা এই যে পূৰ্বতকৈ পাতল এইবাৰৰ কভিড। পূৰ্বতে এটা ঘৰত এজন আক্রান্ত হ’লে অন্যসকলে অলপ সাৱধান থাকি আক্রান্ত পৰা মুক্ত হৈছিল। কিন্তু এইবাৰ এজন আক্রান্ত হ’লে ঘৰখনৰ আটাইকেইজন আক্রান্ত হৈছে- উদ্বিগ্নতাৰে মন্ত্ৰী গৰাকীয়ে কয়।
ইফালে ২ মে’ নির্বাচনৰ ফলাফল ঘোষণা দিনটোত কভিড পৰ্টকল জাৰি কৰিব নিৰ্বাচন আয়োগে- মন্ত্ৰীগৰাকীয়ে লগতে কয়।










