![]()
নিউজ ডেস্কঃ
দেশত কৰোনা পৰিস্থিতি ক্রমে নিয়ন্ত্রণৰ বাহিৰ হোৱাৰ উপক্ৰম হৈছে। এই পৰিস্থিতিত সকলোতকৈ শোচনীয় পৰিস্থিতিৰ ১০খন ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ সৈতে আজি বৈঠকত বহে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বৈঠকত মহাৰাষ্ট্র, ছত্তিশগড়ৰ লগতে আছিল দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱাল। বৈঠকৰ মাজতেই প্রধানমন্ত্রীৰ ধমকি খাবলগা হ’ল তেওঁ। অভিযোগ, প্রটোকল ভাঙিছে তেওঁ। পিছত অৱশ্যে কেজৰিৱালে ক্ষমা বিচাৰে।
আজি কোভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্রীসকলৰ সৈতে আলোচনা কৰে প্রধানমন্ত্রীয়ে। কেজৰিৱালে কয়, ‘মোৰ বিশ্বাস, কোভিডৰ বিৰুদ্ধে যুঁজৰ বাবে কেন্দ্রৰ যদি কোনো ৰাষ্ট্ৰীয় পৰিকল্পনা আছে, তেনেহ’লে সকলো ৰাজ্যৰ চৰকাৰে সেই মতে কাম কৰিব পাৰিব।’ কিন্তু কথা বন্ধ কৰি ধমক দিয়ে মোদীয়ে। এই বৈঠকৰ পোনপটীয়া সম্প্রচাৰ কৰিছিল কেজৰিৱালে। তাকে লৈ ক্ষোভ প্ৰকাশ কৰি মোদীয়ে কয়, ‘এইবোৰ কি হৈছে? এইটো আমাৰ ৰীতি, প্রটোকলৰ বিৰুদ্ধে। কোনো মুখ্যমন্ত্রীয়ে এনেদৰে ইন–হাউছ বৈঠকৰ পোনপটীয়া সম্প্রচাৰ কৰিব নোৱাৰে। এইটো ঠিক নহয়। সকলোৰেই এটা নিয়ম আছে।’
ইয়াৰ পিছতেই ক্ষমা বিচাৰে কেজৰিৱালে। তেওঁ কয়, ‘ভবিষ্যতে বিষয়টি মনত ৰাখিম।’ পিছত মুখ্যমন্ত্রীৰ দপ্তৰৰ পৰা এক বিবৃতি দি কোৱা হয়, ‘আজি প্রধানমন্ত্রীৰ সৈতে বৈঠকৰ পোনপটীয়া সম্প্রচাৰ কৰা হৈছিল, কাৰণ এই সম্পৰ্কে কেন্দ্ৰীয় চৰকাৰৰ কোনো লিখিত বা কথিত নির্দেশ নাছিল। এই ধৰণৰ জনস্বার্থ জড়িত বিষয়ত কথোপাকথন আগতেও হৈছে। গোপন একো নথকাত সেয়া সম্প্রচাৰ হৈছে। যদি অসুবিধা হৈছে, ক্ষমা বিচাৰিলো।’
অৱশ্যে এটি সূত্রৰ মতে, বৈঠকত আচলতে প্রধানমন্ত্রীয়ে কোনো পথেই দেখুৱাব নোৱাৰিলে। সেয়ে তেওঁ সেয়া সম্প্রচাৰ কৰাত ক্ষোভিত হৈ পৰে।










