![]()
নিউজ ডেস্কঃ
দেশত সৃষ্টি হৈছে দৈনিক কৰোনা সংক্রমণৰ ৰেকর্ড। দৈনিক মৃত্যুৰ সংখ্যাই ২ হাজাৰ পাৰ কৰি গৈছে। এই সঙ্কটজনক পৰিস্থিতিত পোহৰলৈ আহিছে আন এক মর্মান্তিক ঘটনা। মধ্যপ্রদেশৰ এখন জিলাত একে পৰিয়ালৰ তিনিজন সদস্যৰ মাত্র এসপ্তাহৰ ভিতৰতেই কৰোনাত মৃত্যু হয়। এই দুখ সহ্য কৰিব নোৱাৰি পৰিয়ালটোৰ সৰু বোৱাৰীগৰাকীয়েও আত্মহত্যা কৰে।
জিলাখনৰ আগৰৱাল সমাজৰ অধ্যক্ষ তথা ব্যৱসায়ী বাল কিষাণ গর্গৰ পৰিয়ালত এই মর্মান্তিক ঘটনাটো ঘটিছে। বাল কিষাণৰ পত্নীৰ প্ৰায় ৮ দিন পূৰ্বে কৰোনাত মৃত্যু হয়। ইয়াৰ পিছত এজন এজনকৈ কৰোনাত মৃত্যু হয় বাল কিষাণৰ দুই পুত্ৰ সঞ্জয় আৰু স্বপ্নেশ। স্বামী, শাহু আৰু ভাইশহুৰক হেৰুৱাই কান্দোনত ভাঙি পৰে পৰিয়ালটোৰ সৰু বোৱাৰী। এই আঘাত সহ্য কৰিব নোৱাৰি তেৱোঁ আত্মহত্যা কৰে। বাল কিষাণৰ পৰিয়ালত জীৱিতসকলৰ ভিতৰত বৰ্তমান তেওঁৰ বাহিৰে ডাঙৰ বোৱাৰী আৰু দুই নাতি–নাতিনী। এনেদৰে কৰোনাৰ ফলত মাত্র এসপ্তাহতে শেষ হৈ গ’ল এটা পৰিয়াল।









