[captainform id=”1286858″ lightbox=”1″ miliseconds=”3000″ type=”auto-popup”]
ASSAM TIMES POST
নতুন দিল্লীঃ নতুন কেন্দ্ৰীয় যান বাহন আইনৰ অধীনত নিৰ্ধাৰণ কৰা বৰ্ধিত জৰিমনা হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰখনে।
এই সন্দৰ্ভত ইয়াৰ পৰিবহণ মন্ত্ৰী প্ৰতাপ সিং খাচাৰিয়াবাচে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যমত কয় যে নতুনকৈ প্ৰৱৰ্তন কৰা বৰ্ধিত জৰিমনাৰ ব্যৱস্থাটো প্ৰেক্টিকেল নহয়। এই পৰিমাণ অতিশয় বেছি। সেয়ে ইয়াক হ্ৰাস কৰা হ’ব।
এই সন্দৰ্ভত তেওঁ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ সৈতে আলোচনা কৰাৰ কথা সদৰী কৰে।
প্ৰসংগক্ৰমে নতুন কেন্দ্ৰীয় যান বাহন আইনখন গত ১ ছেপ্টেম্বৰৰপৰা প্ৰযোজ্য হৈছে।












