![]()
নিউজ ডেস্কঃ
কৰোনাৰ দ্বিতীয় ঢৌত জর্জৰিত সমগ্র দেশ। তাৰ মাজতেই অশনি সংকেত দিছে বিশেষজ্ঞসকলে। তেওঁলোকৰ দাবী, মে’ মাহৰ ১১-১৫ তাৰিখৰ ভিতৰত দেশৰ সক্ৰিয় ৰোগীৰ সংখ্যা হ’ব পাৰে ৩৩ৰ পৰা ৩৫ লাখ। আনকি বিশেষজ্ঞসকলে কৈছে, আগন্তুক ৩ সপ্তাহ এই ধাৰা অব্যাহত থাকিব। গাণিতিক মডেল সৃষ্টি কৰি এই তথ্য দিয়ে গৱেষকসকলে।
এই মডেলত কোৱা হৈছে দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু তেলেঙ্গানাত অহা ২৫ৰ পৰা ৩০ এপ্রিলত শীর্ষত উপনীত হ’ব পাৰে কৰোনাৰ সংক্রমণ। আনহাতে, কর্ণাটক, ওড়িশা আৰু পশ্চিমবঙ্গত কৰোনাৰ গ্রাফডাল শীর্ষত উপনীত হ’ব পাৰে ১-৫ মে’ৰ ভিতৰত। তামিলনাডু আৰু অন্ধপ্রদেশত কৰোনাৰ শীৰ্ষস্থান হ’ব পাৰে ৬ৰ পৰা ১০ তাৰিখ। অৱশ্যে মহাৰাষ্ট্র আৰু ছত্তিশগড়ত কৰোনাৰ গ্রাফ শীর্ষত ইতিমধ্যেই আছে বুলি মত বিশেষজ্ঞসকলৰ। বিহাৰত ২৫ এপ্রিলত শীৰ্ষত উপনীত হ’ব।
আইআইটিৰ বিশেষজ্ঞ মহেন্দ্র আগৰৱালে জনাইছে, ১-মে’ৰ ভিতৰত দেশত দৈনিক কৰোনা আক্রান্তৰ সংখ্যা হ’ব পাৰে ৩.৩০ লাখৰ পৰা ৩.৫০ লাখ পর্যন্ত।









