![]()
নিউজ ডেস্কঃ
অতিমাৰীৰ এই দুর্দিনত কত যে কি দেখিবলগা হোৱা নাই। বিগত বছৰ কেন্দ্রীয় মন্ত্রীৰ ‘গ’ কৰোনা গ’’ শ্লোগানৰ স্মৃতি এতিয়াও সজীৱ। তাৰ মাজতেই নতুন শ্লোগান আহিল— ভাগ কৰোনা ভাগ। অৱশ্যে এয়া কোনো নেতা-মন্ত্রীৰ ‘বাণী’ নহয়, সাধাৰণ গাওঁবাসীৰ কৰোনা খেদাৰ ঔষধ। মধ্যপ্রদেশৰ আগৰ মালৱা জিলাৰ গণেশপুৰ গাঁৱৰ বাসিন্দাসকলে নিশাৰ অন্ধকাৰত জ্বলন্ত অগ্নিশিখা হাতত লৈ দৌৰিবলৈ আৰম্ভ কৰে, লগতে শ্লোগান দিয়ে, ‘ভাগ কৰোনা ভাগ’। কৰোনা ভাইৰাছৰ প্ৰকোপ গাঁৱৰ পৰা আঁতৰ কৰিবলৈয়েই এই প্রচেষ্টা বুলি জানিব পৰা গৈছে।
গাঁওবাসীৰ এই ‘অভিনব’ উদ্যোগৰ এটি ভিডিও ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। গাঁওবাসীৰ বিশ্বাস, ইয়াৰ ফলত গাঁৱৰ পৰা কৰোনা দূৰ হ’ব আৰু অতিমাৰীৰ পৰা তেওঁলোকে ৰেহাই পাব। জানিব পৰা মতে, ঘটনাটো যোৱা১৮ এপ্রিলৰ।









