![]()
নিউজ ডেস্কঃ
দেশত সংক্রমণৰ ব্যাপক বৃদ্ধিৰ মাজতেই অক্সিজেন সৰবৰাহ আৰু টীকাকৰণৰ বাবে কেন্দ্রক এটি নির্দিষ্ট ‘ৰাষ্ট্ৰীয় পৰিকল্পনা’ গ্ৰহণৰ নির্দেশ দিলে ছুপ্রিম কোর্টে। অত্যাৱশ্যকীয় ঔষধৰ ক্ষেত্রতো কেন্দ্রক এক নির্দিষ্ট পৰিকল্পনা ল’বলৈ কৈছে দেশৰ শীর্ষ আদালতে। এই বিষয়ত কেন্দ্রলৈ জাননীও দিছে ছুপ্রিম কোর্টে।
বিষয়টো সন্দৰ্ভত নিজস্ব গোচৰ ৰুজু কৰিছে দেশৰ শীর্ষ আদালতে। শুক্রবাৰে আছে এই গোচৰৰ শুনানি।
ছুপ্রিম কোর্টৰ প্রধান ন্যায়াধীশ এছএ বোবদেই এই প্রসঙ্গত কয়, ‘‘আমি এই বিষয়ত এটি ৰাষ্ট্ৰীয় পৰিকল্পনা চাব বিচাৰো। আমি প্রধানকৈ চাৰিটা বিষয় জানিব বিচাৰো। সেই কেইটা হ’ল, অক্সিজেন সৰবৰাহ, অত্যাৱশ্যকীয় ঔষধৰ সৰবৰাহ, টীকাকৰণৰ পদ্ধতি আৰু পৰিকল্পনা। এই অৱস্থা ‘ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা’ৰ সমান। ৰাজ্যৰ সমস্যাক লৈ পর্যালোচনাৰ ক্ষেত্ৰতো নিজৰ হাতত ক্ষমতা ৰাখিব বিচাৰিছো আমি।’









