![]()
নিউজ ডেস্কঃ
এফালে দৈনিক সংক্রমণে ভাৰতত বিশ্বৰেকর্ড গঢ়িছে, আনফালে দেশত অক্সিজেনৰ অভাৱ বৃদ্ধি পায়েই গৈছে। তাৰ মাজতে আকৌ মহাৰাষ্ট্রৰ নাচিকৰ ডাঃ জাকিৰ হুছেইন হস্পিটেলত অক্সিজেন টেঙ্কাৰ লিক হৈ অতিকমেও ২২ জন কৰোনা ৰোগীৰ মর্মান্তিক মৃত্যু ঘটিছে। ইয়াৰ মাজতেই দেখা গ’ল আৰু এক মর্মান্তিক দৃশ্য। নাচিকৰ উক্ত হস্পিটেলখনতে মৃতদেহৰ পৰা অক্সিজেন চিলিণ্ডাৰ খুলি আনি নিজৰ পৰিয়ালৰ সদস্যক বচোৱাৰ চেষ্টা কৰিছে কোনো ব্যক্তিয়ে। কাৰণ টেঙ্কাৰ লিক হোৱাত শ্বাসকষ্টত ভুগি থকা কৰোনা ৰোগীসকলে যন্ত্রণাত চিৎকাৰ কৰি আছিল। সেয়ে জীৱন বচাবলৈ মৃতদেহৰো শৰণাপন্ন হ’বলগা হৈছে মৰণাপন্ন ৰোগীৰ পৰিয়াল।
অক্সিজেনৰ অভাৱত মৃত্যু ঘটা ৬৫ বছৰীয়া বৃদ্ধা সুগন্ধা থোৰাটৰ নাতিনী ভিকি যাদৱে কয়, ‘চকুৰ সন্মুখতে এক ঘণ্টাৰ ভিতৰত ইমান মানুহ মৰা দেখিলো। তাৰ পিছৰ দৃশ্য আৰু মর্মান্তিক। উক্ত পৰিস্থিতিত পৰিয়ালৰ সদস্যসকলক বচোৱাৰ বাবে বাকীসকলে মৃতদেহৰ ওচৰৰ পৰা অক্সিজেন চিলিণ্ডাৰ খুলি নিছে। ময়ো সেই চেষ্টা কৰিছিলোঁ। কিন্তু সফল নহ’লো।’ মুঠতে সেই সময়ত হস্পিটেলখনত সৃষ্টি হৈছিল অবৰ্ণনীয় পৰিস্থিতিৰ।









