![]()
নিউজ ডেস্কঃ
কৰোনাৰ দ্বিতীয় ঢৌত ধাৰাশায়ী দেশ। এইবাৰ ধৰা পৰিল কৰোনাৰ তৃতীয় মিউটেন্ট ষ্টেইন (নিষেচন প্ৰজাতি)ৰ। ভাইৰাছৰ নিষেচন পৰিবর্তিত হ’লে আৰু দ্রুততাৰে বিয়পি পৰে। দেশৰ চিকিৎসকসকলৰ বাবে বৃহৎ প্ৰত্যাহ্বান এই নতুন মিউটেন্টৰ কৰোনা ভাইৰাছক মোকাবিলা কৰাটো।
যোৱা অক্টোবৰতে সন্ধান পোৱা গৈছিল ডবল মিউটেচনৰ। তাকে লৈ স্বাভাৱিকতে আতঙ্কিত হৈছিল চিকিৎসক-বিজ্ঞানীসকল। এইবাৰ তৃতীয় মিউটেচনৰ সন্ধান পোৱাত দিশহাৰা হৈছে চিকিৎসকসকল। বিশেষজ্ঞসকলে এই বিপদৰ আশঙ্কা বৃদ্ধি কৰি এই মিউটেন্টক সম্পূৰ্ণভাৱে বুজিবলৈ জিনোম চিকোয়েন্সিংৰ আহ্বান জনাইছে। অৱশ্যে প্রশ্ন উঠিছে কি এই ট্রিপল মিউটেন্ট?
কি এই ট্রিপল মিউটেন্ট?
কৰোনাৰ তিনিটা প্ৰজাতিৰ ইয়াত একেলগে উপস্থিতি। এই নতুন প্ৰজাতিৰ ফলত পুনৰ সলাব কৰোনাৰ উপসর্গ। অর্থাৎ, যি উপসর্গ বৰ্তমানৰ প্ৰজাতিৰ সংক্রমণৰ ফলত হৈছে, তাৰ পৰিবর্তন ঘটিব। আকৌ ইয়াৰ সৈতে জড়িত হ’ব পাৰে একাধিক নতুন উপসর্গ। ইমান দিনে দুটি প্ৰজাতি একেলগ হৈ সংক্রমিত কৰিছিল। এইবাৰ তিনিটা প্ৰজাতিৰ নতুন সংস্কৰণ। প্ৰজাতিৰ নতুনত্বৰ সন্ধান পোৱা মানেই সংক্রমণৰ দ্রুততা আৰু বৃদ্ধি পাব।
এই ট্রিপল মিউটেন্ট ভাৰতৰ বাবে পৰৱর্তী প্ৰত্যাহ্বান হ’বলৈ আগবাঢ়িছে। মহাৰাষ্ট্র, দিল্লী, ছত্তিশগড় আৰু পশ্চিমবংগত যেনেদৰে কৰোনা সংক্রমণ বিয়পিছে, তাৰ আঁৰত নতুন এই ট্রিপল মিউটেন্ট আছে বুলি মত চিকিৎসকসকলৰ। আনকি এই নতুন প্ৰজাতিৰ বাবেই সমগ্ৰ বিশ্বত ব্যাপক প্রভাব পৰিছে। আনকি বিশেষজ্ঞসকলে জনাইছে, পশ্চিমবঙ্গ এই জাতীয় মিউটেচনৰ হটস্পট হৈ উঠিব পাৰে। চিকিৎসকৰ দাবী, এই প্ৰজাতিয়ে মানুহৰ ৰোগ প্রতিৰোধ ক্ষমতা কমাই দিব পাৰে।









