![]()
নিউজ ডেস্কঃ
দৈনিক বৃদ্ধি পাইছে কৰোনা সংক্রমণ। মোকাবিলাৰ একমাত্র পথ টীকাকৰণ। কিন্তু উক্ত টীকাৰেই অভাৱ দেশত। কিছু ৰাজ্যত টীকাৰ বাবে হাহাকাৰ। ইয়াৰ মাজতেই কোভিশিল্ড টীকাৰ প্রতি পালিৰ দাম বৃদ্ধি কৰিলে চেৰাম ইনষ্টিটিউটে। ৰাজ্যবোৰক ৪০০ টকাত এটা পালি টীকা বিক্ৰী কৰিব পুনেৰ চেৰাম ইনষ্টিটিউটে। কেন্দ্রই অৱশ্যে পাব ১৫০ টকাত। আৰু বেচৰকাৰী হস্পিটেলক প্রতি পালি ৬০০ টকাত বিক্ৰী কৰিব আদৰ পুনাৱালাৰ কোম্পানীটোৱে।
অৱশ্যে কোম্পানীটোৰ তৰফৰ পৰা জনোৱা হৈছে, বিদেশী টীকাৰ এটি ড’জৰ দাম ইয়াতকৈ বহু বেছি। এক পালি বিদেশী টীকাৰ মূল্য ৭৫০-১৫০০ টকা।
উল্লেখ্য, কেন্দ্রৰ নতুন নীতি অনুসৰি মুঠ উৎপাদিত টীকাৰ ৫০ শতাংশ কেন্দ্রকেই দিব লাগিব। বাকী ৫০ শতাংশ ৰাজ্য আৰু ব্যক্তিগত হস্পিটেলক দিব লাগিব।









