![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
ক’ৰনা আক্রান্ত দ্ৰুত বৃদ্ধিত উদ্বিগ্ন ৰাজ্যৰ শিক্ষা বিভাগ। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত স্বাৰ্থত বিদ্যালয় পাঠদান অব্যাহত ৰখাৰ সন্দৰ্ভত জাৰি কৰিছে গুৰুত্বপূৰ্ণ নিৰ্দেশনা। চৰকাৰী-বেচৰকাৰীৰ সকলো বিদ্যালয়ত প্ৰযোজ্য হ’ব এই নিয়ম।
নিৰ্দেশনাত উল্লেখ থকা অনুসৰি ক’ভিড প্ৰটকল মানি চলি সপ্তমমান শ্রেণী পৰা দ্বাদশ শ্রেণীলৈকে প্ৰতিটো ক্লাছত ৫০শতাংশ ছাত্ৰ-ছাত্ৰী উপস্থিত থাকিব পাৰিব।
নিৰ্দেশনাটোত উল্লেখ কৰা মতে ৫০জন ছাত্ৰ-ছাত্ৰী থাকিলে ৰোল নম্বৰ ১ৰ পৰা ২৫লৈ সোমবাৰ, বুধবাৰ আৰু শুকুৰবাৰে পাঠদান হ’ব। একেদৰে ২৬ৰ পৰা ৫০লৈকে মঙলবাৰ, বৃহস্পতিবাৰ, শনিবাৰে পাঠদান অনুষ্ঠিত কৰিব লাগিব। ৫০জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ থাকিলে তেনেদৰে ভাগ কৰি দিব বিদ্যালয় মুৰব্বীয়ে।
পাঠদান কিমান সময় হ’ব সেইয়া বিদ্যালয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰি ল’ব। সম্ভৱ হ’লে অনলাইন পাঠদান ব্যৱস্থা কৰাৰ পৰামৰ্শ।
বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীক ক’ভিড প্ৰৰ্টকল মানি চলাব লাগিব । মাক্স, হেণ্ড চেনিটাইজ, সামাজিক দূৰত্ব বাধ্যতামূলক।
বিদ্যালয়ৰ পুৱা প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰিব নোৱাৰিব।
কোনো ছাত্ৰ-ছাত্ৰী, শিক্ষক-কৰ্মচাৰী ক’ভিড লক্ষণ দেখা পালে বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিব।









